স্বাস্থ্যমন্ত্ৰী তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তৰ ভাতৃ তথা সমাজ কৰ্মী ৰাতুল মহন্তৰ শুকুৰবাৰে পুৱা ৮-৩০ বজাত তেজপুৰৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত পৰলোকপ্ৰাপ্তি ঘটে৷ উল্লেখ্য যে, সুদীৰ্ঘ বছৰ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল ৰাতুল মহন্ত৷
কলিয়াবৰৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়াই যোৱা ৪৫ বছৰীয়া অবিবাহিত ৰাতুল মহন্তৰ অকাল বিয়োগত জন্মস্থান তেলিয়াগাঁও নিবাসী ৰাইজৰ লগতে শুভাকাংক্ষী সকলো মৰ্মাহত হৈ পৰিছে ৷ মৃত্যুৰ সময়ত ৰাতুল মহন্তই মাতৃ, জেষ্ঠ ভাতৃ ক্ৰমে মন্ত্ৰী কেশৱ মহন্ত, কৰুনা মহন্ত, কানু মহন্ত, কৃষ্ণ মহন্ত আৰু কনিষ্ঠ ভাতৃ মনি মহন্তক এৰি থৈ যায় ৷