প্ৰকৃতিয়ে ধ্বংস লীলা চলোৱা হাফলঙলৈ ৰাওনা হ’ব ৰাজ্যৰ দুই মন্ত্ৰী যোগেন মহন আৰু বিমল বৰা। মুখ্যমন্ত্রীৰ নিৰ্দেশত হাফলঙলৈ ৰাওনা হ’ব মন্ত্ৰী দুজন।
হাফলঙত বায়ুসেনাই হেলিকপ্টাৰেৰে চলাব বানত পৰা পীড়িতক উদ্ধাৰ অভিযান। উদ্ধাৰ কৰি বান পীড়িতক শিলচৰ আৰু যোৰহাটলৈ অনা হ’ব। বায়ুসেনাৰ হেলিকপ্টাৰে ডিমা হাছাও জিলালৈ নিয়া হব খাদ্য সামগ্রী। ১২ মেট্রিক টন খাদ্য সামগ্রী নিব হেলিকপ্টাৰেৰে। উল্লেখ্য যে, প্ৰৱল বৰষুণ আৰু বানৰ ফলত ডিমা হাচাওৰ জন-জীৱন সম্পূৰ্ণৰূপে বিদ্ধস্ত হৈ পৰিছে। ৰেল তথা পথ যোগাযোগ বন্ধ হৈ পৰাত জিলাখনত খাদ্য সংকটেও দেখা দিছে।