গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ অসম মেঘালয় সীমান্তৰ ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বেলগুৰি,বাহুপাৰা, জয়পুৰ,গাৰোপাৰা,চল্লি,পুৰাণ শুকুৰবেৰীয়া, বামাবাহাৰ, বিক্ৰমপুৰকে ধৰি দাঁতি কাষৰীয়া অঞ্চলত চলি আহিছে বন্যহস্তী আৰু মানুহৰ মাজত সংঘাত। এনে সংঘাতৰ মাজতে দেওবাৰে নিশা গাৰোপাৰা, দামশীলা আদিৰ খেতি পথাৰলৈ নামি অহা প্ৰায় ৪০ টাৰো অধিক বন্যহস্তীৰ জাকে কেবাটাও ভাগত ভাগ হৈ অঞ্চলটোৰ ধাননি পথাৰত তাণ্ডৱলীলা চলায়।
আনকি দামশীলাত থকা বহু সংখ্যক শালগছৰ পুলি উভালি আৰু ভাঙি তহিলং কৰি এক সন্তাসৰ সৃষ্টি কৰে। এনে ঘটনাত অঞ্চলটোৰ ৰাইজ অধিক চিন্তিত হৈ পৰাৰ লগতে প্ৰকৃতিপ্ৰেমী লোকে মূল্যবান শালগছৰ পুলিবোৰ বন্যহস্তীয়ে তহিলং কৰাত উদ্বিগ্ন হৈ পৰে। ঘটনাৰ খবৰ পাই সোমবাৰে দুপৰীয়াৰ ভাগত ৰাণীৰ বনাঞ্চলিক বিষয়া গৰাকীৰ নিৰ্দেশত গাৰোপাৰা আৰু জয়পুৰ বন কাৰ্যালয়ৰ এটা বনকর্মীৰ দলে অঞ্চলটো পৰিদৰ্শন কৰি কিছু ভঙা শাল গছৰ পুলি বনাঞ্চলিক কাৰ্যালয়লৈ নিয়ে বুলি জানিব পৰা গৈছে। লগতে স্থানীয় একাংশ লোকেও বন্যহস্তীয়ে উভালি পেলোৱা মূল্যবান শালগছৰ পুলিবোৰ কাটি লৈ যায়। অঞ্চলটোৰ কৃষক ৰাইজৰ লগতে ৰাণী মৈৰাপুৰ আঞ্চলিক হাতী প্ৰতিৰোধ সমিতিৰ সভাপতি দীনেশ নাথ আৰু সম্পাদক বিনয় দাসে অঞ্চলটোত চলা বন্যহস্তী আৰু মানুহৰ মাজত সংঘাত ৰোধৰ বাবে ৰাজ্য চৰকাৰৰ বন বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষক বাস্তৱ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
আনকি অঞ্চলটোৰ লোকৰ মাজত বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰিবৰ বাবে বন বিভাগৰ পৰা টৰ্চ লাইট, ফটকা আদি যোগান ধৰিবলৈও আহ্বান জনাইছে সমিতিয়ে। আনহাতে অঞ্চলটোত বন্যহস্তী আৰু মানুহৰ মাজত সংঘাত দূৰ কৰাৰ মানসেৰে শেহতীয়াভাৱে ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত জৰাশাল সংৰক্ষিত বনাঞ্চলত এখনি হস্তীপূজাও অনুষ্ঠিত কৰা হৈছিল ।