আজি পুৱা চচিয়েল মিডিয়া যোগে জনপ্ৰিয় বলীউডৰ অভিনেতা মিথুন চক্ৰৱৰ্তী ক’ৰোনাত আক্ৰান্ত হোৱা খবৰ বিয়পি পৰিছিল।
তাৰ পিছতে দেশৰ প্ৰায় সংবাদ মাধ্যমে প্ৰচাৰ কৰিছিল মিথুন চক্ৰৱৰ্তী ক’ৰোনাত আক্ৰান্ত হোৱাৰ বাতৰি।
প্ৰথমতে এক টুইটযোগে ফিল্মফেয়াৰে মন্তৱ্য কৰিছিল যে বলীউডৰ জনপ্ৰিয় অভিনেতা মিথুন চক্ৰৱৰ্তী আক্ৰান্ত হৈছে ক’ৰোনাত।
সেয়েহে অভিনেতা জনে ক’ৰোনা সম্বন্ধীয় সকলো নীতি নিৰ্দেশনা পালন কৰি হোম কোৱাৰেণ্টাইনত আছে।
কিন্তু কিছুসময় পিছত আকৌ ফিল্মফেয়াৰে স্পষ্টীকৰণ দি আন এটা টুইট কৰে যে অভিনেতা মিথুন চক্ৰৱৰ্তী ক’ৰোনা আক্ৰান্ত হোৱা নাই।
The news of #MithunChakraborty testing positive for #COVID19 is incorrect. The veteran actor is healthy and cleared the rumour, “After an extensive campaigning for more than a month, I am enjoying my holiday with my favourite food Beuli Dal and Aloo Posto.” pic.twitter.com/thaJAg9Mrn
— Filmfare (@filmfare) April 27, 2021
তেওঁ বৰ্তমান সুস্থ অৱস্থাত আছে।
সেয়ে মিথুন চক্ৰৱৰ্তীয়ে এই ভুৱা খবৰৰ বিৰোধিতা কৰি জনাইছে যে,
বিগত এক মাহে নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত আছিলো আজি আনন্দেৰে বন্ধৰ দিনটোত মই মোৰ প্ৰিয় খাদ্য গ্ৰহণ কৰিলোঁ।
After an extensive campaigning for more than a month I am enjoying my holiday with my favorite food "Beuli Dal and Aloo Posto".
— Mithun Chakraborty (@mithunda_off) April 27, 2021
Photo Credit: Google