মেঘালয়ত অবৈধ মাৰণাস্ত্ৰসহ এগৰাকী মিজোৰামৰ নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে। মেঘালয় আৰক্ষী আৰু সামৰিক চোৰাংচোৱাৰ অভিযানত এই সফলতা লাভ কৰিছে।
জানিব পৰা মতে মিজোৰামৰ এই লোকজনে মেঘালয়ৰ ৰি ভয়’ জিলাৰ ন মাইল বাৰিদুৱাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ এই অবৈধ অস্ত্ৰ সমূহ বিক্ৰীৰ বাবে আনিছিল।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ব্যক্তিজনৰ পৰা জব্দ কৰিছে এ কে ৪৭ ৰ ১,০৫২ টা সক্ৰিয় গুলী, গ্ৰেণেড, মেগজিন, ৰাফল, পিষ্টল আৰু ৩৪ টাকৈ চৰকাৰী ছীল-মোহৰ।