কাৰাবন্দী হৈ থকা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে নগাঁও আৰু কাছাৰ কাগজ কল পুনৰ কাৰ্যক্ষম কৰিবলৈ মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীলৈ এক পত্ৰ প্ৰেৰণ কৰে। কিছুদিন পূৰ্বে মৃতপ্ৰায় কাগজ কল দুটা নিলাম কৰিবলৈ প্ৰকাশ পোৱা জাননী সন্দৰ্ভত অখিল গগৈয়ে প্ৰেৰণ কৰা পত্ৰখনত ২০১৫ আৰু ২০১৭ চনৰ পৰা বন্ধ হৈ থকা কাগজ কলকেইটাত কৰ্মৰত বিষয়া–কৰ্মচাৰীৰ সকলৰ দুৰ্দশাৰ কথা উল্লেখ কৰি কয় যে, উদ্যোগ দুটা বন্ধ হোৱাত কাগজ কল দুটাৰ সৈতে জড়িত বিষয়া আৰু কৰ্মচাৰীসকলে পাবলগীয়া দৰমহা, পেঞ্চন, Provident fund আদিৰ ধনৰ পৰা বঞ্চিত হৈ আছে।
বৰ্তমানলৈ আৰ্থিক অৱস্থাৰ বাবে কাগজ কল দুটাৰ ৮৭জন লোকে প্ৰাণ হেৰুৱাইছে। বহুতে আত্মহত্যাৰ দৰে চৰম পথো বাছি লৈছে। অখিল গগৈয়ে পত্ৰখনত এই কথাও উল্লেখ কৰে যে, বিজেপিশাসিত পূৰ্বৰ ৰাজ্য চৰকাৰখনে কাগজ উৎপাদন কৰা উদ্যোগ দুটা পুনৰুজ্জীৱিত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আহ্বান জনাই যে, কাগজ কল দুটা পুনৰুজ্জীৱিত কৰি আধুনিকীকৰণ কৰক।