কাৰাগাৰৰ বন্ধ কুঠৰীৰপৰা বিধানসভালৈ নিৰ্বাচিত হোৱাৰ পিছত আজি বিধায়কৰূপে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিলে অখিল গগৈয়ে। ইয়াকে লৈ উৎফুল্লিত হৈ পৰিছে মৰিয়নীৰ চেলেংহাটস্থিত অখিল গগৈৰ গাঁওবাসী।
মোৰ পুত্ৰই এদিন সোণৰ অসম গঢ়িব বুলি আশা প্ৰকাশ কৰিলে অখিল গগৈৰ বৃদ্ধা মাতৃ প্ৰিয়দা গগৈয়ে। বিধায়ক অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়ে কয় যে, “ৰাষ্টদ্ৰোহৰ অভিযোগ অনা অখিলক গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে শিৱসাগৰবাসী ৰাইজে জনপ্ৰতিনিধি নিৰ্বাচন কৰিছে। গতিকে সংবিধানৰ গণ্ডীৰ ভিতৰত থাকি বিধায়কৰূপে শপত লোৱা অখিলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিশ্চয় কাৰাগাৰৰপৰা মুকলি কৰি দিব”।
ৰাইজৰ গণতান্ত্ৰিক অধিকাৰৰ প্ৰতি সন্মান দিব বুলি আশা প্ৰকাশ কৰে আশী উৰ্ধৰ প্ৰিয়দা গগৈয়ে। আনহাতে পুত্ৰই বিধায়কৰূপে শপত গ্ৰহণ কৰা দিনটোত মাতৃ ৰূপে যিমান আনন্দিত হ’ব লাগিছিল সিমান আনন্দিত হ’ব পৰা নাই মাতৃ প্ৰিয়দা গগৈ। কাৰণ পুত্ৰ এতিয়াও কাৰাগাৰৰ পৰা মুকলি হৈ অহা নাই।
অধীৰ আগ্ৰহেৰে বাট চাইছে পুত্ৰ কাৰাগাৰৰ পৰা মুকলি আকাশলৈ অহাৰ ক্ষণটোলৈ। পুত্ৰ কাষলৈ আহিলে চকু যোৰ চিকিৎসাৰ বাবে চিকিৎসকৰ ওচৰলৈ যোৱাৰ আশাৰে বাট চাই আছে মাতৃ প্ৰিয়দা গগৈয়ে। পুত্ৰ অখিল গগৈয়ে সংগ্ৰামী জীৱনৰ পৰা ৰাজনৈতিক যাত্ৰাৰ শুভক্ষণত পুত্ৰক আশীৰ্বাদ প্ৰদান কৰে মাতৃয়ে।
ইফালে অখিল গগৈয়ে আজি বিধায়ক ৰূপে বিধানসভাত শপত লোৱা ক্ষনত গাঁওখনৰ বয়োজ্যেষ্ঠ লোক প্ৰদীপ সন্দিকৈয়ে নেতাগৰাকীৰ শৈশৱ কালৰ স্মৃতি সুঁৱৰি কয়, “অখিল সৰুৰ পৰাই স্পষ্টবাদী আছিল। পঢ়াৰ প্ৰতি সাংঘাতিক ধাউতি আছিল। সৰুতে আমি দূৰেদি পাৰ হৈ গ’লেও মাত দি ইংৰাজী বানানা সোধে”। আনহাতে গাঁওখনৰ আন এজন বয়োজেষ্ঠ লো বীৰেন বৰুৱায়ে কয়, “অখিল গগৈয়ে সৰু কালত ককায়েক আৰু বায়েকৰ সৈতে আনৰ পৰা আধা মাটি লৈ খেতি কৰি বৰ কষ্টৰে পঢ়া শুনা কৰিছিল। আজি অখিলৰ ৰাজনৈতিক জীৱনলৈ আমি গাওঁবাসীয়ে শুভেচ্ছা জনাইছোঁ”।
Photo: Headline8