বিধায়কৰূপে অসম বিধান সভাত শপত গ্ৰহণ কৰিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। বিধানসভাৰ প্ৰ’টেম অধ্যক্ষ ফণীভূষণ চৌধুৰীয়ে অখিল গগৈক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়।
বিধানসভা নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থীৰূপে কাৰাগাৰৰ পৰাই শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্ৱিতা কৰি জয়ী হৈছিল অখিল গগৈ ৷
অসম আৰক্ষীৰ কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত আজি অসম বিধানসভালৈ অনা হয় অখিল গগৈক।
ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত NIAৰ গোচৰত এবছৰতকৈ অধিক কাল কাৰাৰুদ্ধ হৈ আছে বিধায়ক অখিল গগৈ।
বিধায়ক হিচাপে শপত গ্ৰহণ কৰাৰ বাবে অখিল গগৈক NIAৰ আদালতে বিশেষ অনুমতি প্ৰদান কৰিছিল।
Photo: Headline8