দেওবাৰে অনুষ্ঠিত হোৱা অসম বিধানসভা নিৰ্বাচনৰ ফলাফল বিপুল সংখ্যক ভোটত জয়লাভ কৰে অখিল গগৈয়ে।
কাৰাবাসত থাকিয়ে বিপুল সংখ্যক ভোটত শিৱসাগৰৰ পৰা জয়লাভ কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।
উল্লেখযোগ্য যে শিৱসাগৰৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে দিছপুৰত নতুন ঠিকনা লাভ কৰিবলৈ সক্ষম হৈছে অখিল গগৈ।
জানিব পৰা অনুসৰি দিছপুৰত থকা প্ৰাক্তন মন্ত্ৰী বৃন্দাৱন গোস্বামীৰ বাসগৃহ আজি অখিল গগৈয়ে লাভ কৰে।
বিধায়ক আবাসৰ ৫৩ নম্বৰ কুটীৰ লাভ কৰে শিৱসাগৰৰ নৱনিৰ্বাচিত বিধায়ক কাৰাৰুদ্ধ অখিল গগৈয়ে।