ৰাজ্যত ক’ৰোনাৰ সন্ত্ৰাস অব্যাহত। এইবাৰ ক’ৰোনাই প্ৰাণ কাঢ়িলে বাক্সাৰ ৫৮নং তামুলপুৰ বিধানসভা সমষ্টিৰ UPPL দলৰ বিধায়ক লেহোৰাম বড়োৰ। শনিবাৰে ক’ৰোনাৰ ওচৰত হাৰ মানিলে বিধায়কগৰাকীয়ে।
GMCHত চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি লয় বিধায়কগৰাকীয়ে ৷ বিগত বৃহস্পতিবাৰে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল প্ৰথমবাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা বড়োক।
তামুলপুৰ বিধায়ক হোৱাৰ পূৰ্বে লেহৰাম বড়ো পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ খণ্ড উন্নয়ন বিষয়া (BDO) আছিল। খণ্ড উন্নয়ন বিষয়া হিচাপে কলাইগাওঁ, বৰচলা আৰু ওদালগুৰিত কাৰ্যনিৰ্বাহ কৰিছিল লেহোৰাম বড়োৱে। বিধায়কজনৰ মৃত্যুত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে।
Photo: Headline8