গোসাইগাঁও বিধানসভা সমষ্টিৰ BPF বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ বুধবাৰে পুৱা আকস্মিকভাৱে মৃত্যুক সাৱটি লয়।
আজি পুৱা প্ৰায় ৫.৩০ বজাত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৃত্যুক সাৱটিলে বিধায়কগৰাকীয়ে।
ক’ভিড আক্ৰান্ত হোৱাৰ পিছত তেওঁৰ স্বাস্থ্যৰ গুৰুতৰভাৱে অৱনতি ঘটাত তেওঁক ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ GMCHলৈ অনা হৈছিল।
ক’ৰোনাত আক্ৰান্ত হৈছিল বিপিএফৰ বিধায়ক নাৰ্জাৰী। ২০ মে’ত বিধায়কজনৰ ক’ভিড পৰীক্ষাৰ ৰিপ’ৰ্ট আহিছিল নিগেটিভ।
ক’ৰোনাৰ পিছত দেহত জটিলতা পৰিলক্ষিত হোৱাত চিকিৎসাধীন হৈ আছিল।
ক’ভিড পৰীক্ষাৰ ৰিপ’ৰ্ট নিগেটিভ আহিছিল যদিও ব্ৰেইন ষ্ট্ৰোক হোৱাৰ বাবে পুনৰ সংকটজনক হৈ পৰিছিল স্বাস্থ্য।
অৱশেষত আজি পুৱা সকলোকে এৰি চিৰ দিনৰ বাবে বিদায় মাগিলে বিধায়কগৰাকীয়ে।
বিধায়কগৰাকী একেৰাহে চাৰিবাৰ জয়ী হৈ বিধায়কৰ পদ অলংকৃত কৰিছিল ৷ তেখেতৰ মৃত্যুত গোসাঁইগাঁৱত শোকৰ ছাঁ পৰিছে।
Photo: Pratidin Time