বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অনশন প্ৰত্যহাৰ । চৰকাৰৰ পৰা লিখিত প্ৰতিশ্ৰুতি পোৱাৰ পিছত প্ৰত্যাহাৰ কৰে অনশন। নগাৰ বেদখল চৰকাৰে উচ্ছেদ নকাৰৰ বাবে শুকুৰবাৰে দিনৰ ১ বজাৰ পৰা অনশনত বহিছিল বিধায়কগৰাকী। নিশা প্ৰায় ৭.৩০ বজাত অনশন প্ৰত্যাহাৰ কৰে ৰূপজ্যোতি কুৰ্মীয়ে।
বুধবাৰলৈকে চৰকাৰক সময়সীমা বান্ধি দি অনশন প্ৰতাহাৰ কৰে কুৰ্মীয়ে । চৰকাৰে প্ৰতিশ্ৰুতি পালন নকৰিলে পুনৰ বৃস্পতিবাৰৰ পৰা অনিৰ্দিষ্টকালীন অনশনত বহাৰ কথা সাংবাদিকক জানিব দিয়ে বিধায়কগৰাকীয়ে ।
উল্লেখ্য যে বৃহস্পতিবাৰে দিচৈভেলীত নগাৰ বেদখলৰ বুজ ল’ব যাওতে নগা দুৰ্বৃত্তই ৰূপজ্যোতি কুৰ্মীক লক্ষ্য কৰি গুলীচালনা কৰিছিল। কোনোমতে ৰক্ষা পৰা বিধায়কজনে বৃহস্পতিবাৰৰ পৰাই দিচৈভেলীত বাহৰ পাতি নগাৰ বেদখল উচ্ছেদৰ বাবে অসম চৰকাৰক দাবী জনাই আছিল। ২৪ ঘণ্টাৰ ভিতৰত বেদখল উচ্ছেদ নকৰিলে অনিৰ্দিষ্টকালীন অনশন কৰাৰ হুংকাৰ দিছিল। তাৰ পিছতে অনশনত বহিছিল বিধায়কগৰাকী।
শুকুৰবাৰে দুপৰীয়া আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিং ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয়। মন্ত্ৰী অতুল বৰাইও ফোন যোগে ৰূপজ্যোতি কুৰ্মীক আশ্বাস দিয়ে। ইয়াৰ পাছত চৰকাৰৰ পৰা লিখিত প্ৰতিশ্ৰুতি পোৱাত প্ৰত্যাহাৰ কৰে অনশন।
Photo: Headline8