সোমবাৰে গুজৰাট বিধানসভা অধিৱেশনত টি-ছাৰ্ট পিন্ধি উপস্থিত হয় কংগ্ৰেছ বিধায়ক বিমল চুৰাছামা।
ইয়াৰ পিছতে সদনৰ অধ্যক্ষ ৰাজেন্দ্ৰ ত্ৰিবেদীৰ আদেশত তেওঁক সদনৰ পৰা বাহিৰ কৰি দিয়া হয়।
এফালে বিধানসভাৰ অধ্যক্ষই আহ্বান জনাই যে, বিধায়কসকলে সদনৰ গৌৰৱক গুৰুত্ব প্ৰদান কৰিব লাগে আৰু টি-ছাৰ্ট পিন্ধাৰ পৰা বিৰত থাকিব লাগে।
আনফালে, বিৰোধী দল কংগ্ৰেছে ত্ৰিবেদীৰ এই সিদ্ধান্তত আপত্তি দৰ্শাই ক’লে যে,
যিকোনো নিয়মৰ আধাৰত সদনত যিকোনো বস্ত্ৰ পৰিধান কৰাত বাধা প্ৰদান কৰা হোৱা নায়।
প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা চুৰাছামাক ত্ৰিবেদীয়ে এসপ্তাহ পূৰ্বে কৈছিল যে, সদনত টি-ছাৰ্ট পিন্ধাৰ অনুমতি নাই আৰু ভৱিষ্যতেও এই কথাটো মনত ৰাখিব।
অধ্যক্ষগৰাকীৰ মতে, বিধায়কসকলে সদনৰ গৌৰৱ বজাই ৰাখিবলৈ ছাৰ্ট বা কুৰ্টা পৰিধান কৰিব লাগে,
কিন্তু যেতিয়া বিধায়ক চুৰাছামাই সোমবাৰে পুনৰ টি-ছাৰ্ট পিন্ধি আহিলে তেতিয়া অধ্যক্ষগৰাকীয়ে তেওঁক পুৰণি কথাটো মনত পেলাই দিয়ে।
তেওঁ লগতে বিধায়কগৰাকীক ক’লে যে, তেওঁ ছাৰ্ট, কুৰ্টা বা কোট পিন্ধি পুনৰ বৈঠকত অংশগ্ৰহণ কৰক।
অধ্যক্ষৰ আদেশত ক্ষুব্ধ চুৰাছামাই বাকযুদ্ধ কৰিলে যে, টি-ছাৰ্টত কি বেয়া দেখিছে আৰু ক’লে যে, তেওঁ এনেধৰণৰ কাপোৰ পিন্ধিয়েই নিৰ্বাচনী প্ৰচাৰ চলাইছিল আৰু বিজয়ীও হৈছিল।
চুৰাছামাই অধ্যক্ষগৰাকীক ক’লে, ‘মই টি-ছাৰ্ট পিন্ধি ভোট খুজিছিলো।
এই টি-ছাৰ্টটো ভোটদাতাসকলে দিয়া প্ৰমাণপত্ৰ হয়।
আপুনি মোৰ ভোটদাতাসকলক অপমান কৰিছে।
কিন্তু ত্ৰিবেদীৰ ওপৰত ইয়াৰ কোনোধৰণৰ প্ৰভাৱ নপৰিলে আৰু চুৰাছামাক সদনৰ পৰা বাহিৰলৈ ওলাই যাবলৈ ক’লে।
Photo: Google