অৰুণাচল প্ৰদেশ চৰকাৰে ভাৰত-চীন সীমান্তৰ তিনিখন গাঁৱক আদৰ্শ গাওঁ হিচাপে বিকশিত কৰিবলৈ সাজু হৈছে। বৃহস্পতিবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে এই কথা জনায়।
আদৰ্শ গাওঁ হিচাপে বিকশিত কৰিবলৈ স্থিৰ কৰা তিনিখন গাওঁ হৈছে অৰুণাচল প্ৰদেশৰ আনজাও জিলাৰ কাহো, মুছাই আৰু কিবিথু। মুখ্যমন্ত্ৰী খাণ্ডুৱে কৈছিল যে শেহতীয়াকৈ বিভিন্ন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনি ৰূপায়ণ কৰি সীমান্তৰ গাওঁসমূহৰ বিকাশৰ বাবে এক বিশেষ আঁচনি ‘মডেল ভিলেজ’ আৰম্ভ কৰা হৈছে।