পূব বজালীৰ বগাপাৰাত দহ বিঘা মাটি সামৰি নিৰ্মাণ হ’ব কৃষি প্ৰকল্প । বজালী অঞ্চলৰ বিশিষ্ট ব্যক্তি প্ৰয়াত ধৰণীধৰ দাস স্মাৰক কৃষি প্ৰকল্প স্বত্তাধিকাৰী অভিযন্তা তথা প্ৰয়াত দাসৰ সুযোগ্য পুত্ৰৰ এক অভইনৱ প্ৰয়াস।
উচ্চ শিক্ষিত অভিযন্তা বনজিৎ দাসে কোনো ধৰণৰ চৰকাৰী চাকৰি নোপোৱাত বিগত ২৮ বছৰ ধৰি কেইবাটাও প্ৰাইভেট লিমিটেড কোম্পানীৰ অধীনত কাম কৰি অহাৰ পিছত বগাপাৰা অঞ্চলৰ উন্নতি সাধনৰ বাবে নিজৰ জন্ম ভূমিত এখন কৃষি ফাৰ্ম জন্ম দিয়ে ।
বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী অৰূপ ডেকাৰ লগতে বিভাগীয় বিজ্ঞানী সকলে ফাৰ্মখন পৰিদৰ্শন কৰাৰ লগতে ফাৰ্মখনৰ উন্নতি সাধনৰ বাবে বিভিন্ন পৰামৰ্শ প্ৰদান কৰে । উল্লেখ্য যে, উঠি অহা নতুন প্ৰজন্মক উৎসাহ যোগোৱাৰ লগতে অঞ্চলটোৰ নিবনুৱা যুবক যুবতী সকলক কৰ্ম সংস্থাপনৰ বাবে দহ বিঘা মাটিত হাঁহ-কুকুৰা, গৰু-ছাগলী, মীন পালন কৰাৰ লগতে বিভিন্ন ধৰণৰ খেতি কৰাৰ সংকল্প লয় অভিযন্তা বনজিৎ দাসে ।