গুৱাহাটীৰ অভিজাত স্কুল, মডাৰ্ন ইংলিছ স্কুলৰ তৃতীয় মহলাৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা কৰা অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে অৱশেষত চিকিৎসাধীন অৱস্থাত ৰবিবাৰে পুৱা মৃত্যুবৰণ কৰে। ইতিমধ্যে স্কুল প্ৰাংগণত ছাত্ৰীগৰাকীৰ আত্মহত্যাৰ তদন্ত বিচাৰি পৰিয়ালৰ লোকে প্ৰতিবাদ কৰিছে। জানিব পৰা মতে হায়াট হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যুবৰণ কৰা ছাত্ৰীগৰাকীয়ে শুকুৰবাৰে স্কুলৰ তৃতীয় মহলাৰ পৰা জঁপিয়াইছিল আৰু এই সমগ্ৰ ঘটনাটো CCTVত আৱদ্ধ হৈছিল। অষ্টম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীক সংকটজনক অৱস্থাত হায়াট হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।
কিন্তু আচৰিত ভাৱে এই ঘটনাৰ বিষয়ে নীৰৱতা অৱলম্বন কৰা দেখা গৈছিল স্কুল কৰ্তৃপক্ষক। কাহিলীপাৰাস্থিত মডাৰ্ন ইংলিছ স্কুল কৰ্তৃপক্ষক লৈ সন্দিহান পৰিয়ালৰ লোকে এই ঘটনাৰ বাবে বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকৰ অভিযোগ যে বিদ্যালয়ৰ অধ্যক্ষই গালি-শপনি পৰাৰ লগতে ছাত্ৰীগৰাকীক অযথা মানসিক হাৰাশাস্তি কৰি অহাৰ বাবেই তেওঁ এনে ঘটনা সংঘটিত কৰে।
একাংশ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ছাত্ৰীগৰাকী স্কুল কৰ্তৃপক্ষ তথা এগৰাকী ল’ৰাৰ পিতৃয়ে ধমক দিছিল। ধমক দিয়াৰ কাৰণ এতিয়াও স্পষ্ট নহয় যদিও এয়া ছাত্ৰীগৰাকীৰ ব্যক্তিগত বিষয় এটাক লৈ স্কুল কৰ্তৃপক্ষৰ একাংশই মানসিক চাপ দিয়াৰ বাবেই এনে কাণ্ড সংঘটিত কৰাৰ অভিযোগ উঠিছে। অৱশ্যে আৰক্ষীৰ তদন্তত এই ঘটনাৰ ৰহস্য মুকলি হ’ব।