হোলীৰ পূৰ্বে সুখবৰ লাভ কৰিব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে। তথ্য অনুসৰি চৰকাৰে কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মহাৰ্ঘভাত্তা (ডিএ) বৃদ্ধি কৰিবলৈ গৈ আছে। এই সিদ্ধান্তটোৱে ৫০ লাখতকৈও অধিক চৰকাৰী কৰ্মচাৰী আৰু ৬৫ লাখতকৈও অধিক পেঞ্চনাৰক পোনপটীয়াকৈ লাভান্বিত কৰিব।
কেন্দ্ৰীয় কৰ্মচাৰীসকলে এতিয়া ৩১ শতাংশ মহাৰ্ঘভাত্তা (ডিএ) লাভ কৰে। ঔদ্যোগিক শ্ৰমিকসকলৰ বাবে সৰ্বভাৰতীয় উপভোক্তা মূল্য সূচকৰ ডিচেম্বৰ ২০২১ৰ পৰিসংখ্যা বিবেচনা কৰি চৰকাৰে কেন্দ্ৰীয় কৰ্মচাৰীৰ ডিএ ৩ শতাংশলৈকে বৃদ্ধি কৰিব পাৰে। ইয়াৰ দ্বাৰা কেন্দ্ৰীয় কৰ্মচাৰীসকলে ৩৪ শতাংশলৈ লাভ কৰিব ডিএ৷
দেশৰ পাঁচখন ৰাজ্যৰ শেহতীয়া নিৰ্বাচনৰ ফলাফল ১০ মাৰ্চত ঘোষণা কৰা হ’ব। ইয়াৰ সৈতে নিৰ্বাচনী আচৰণ বিধিও সমাপ্ত হ’ব। তাৰ পাছতে চৰকাৰে ডিএৰ সন্দৰ্ভত সিদ্ধান্ত ল’ব। বাতৰি অনুসৰি কেন্দ্ৰীয় কেবিনেটৰ বৈঠক ২০২২ চনৰ ১৬ মাৰ্চত অনুষ্ঠিত হ’ব।
যদি কেন্দ্ৰীয় চৰকাৰে ১৬ মাৰ্চত সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ মহাৰ্ঘভাত্তা বৃদ্ধিৰ ঘোষণা কৰে তেনেহ’লে হোলীৰ পূৰ্বে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে মোদী চৰকাৰৰ হোলী উপহাৰ হ’ব এই ব্যৱস্থা। এইবাৰ হোলী ১৮ মাৰ্চত উদযাপন কৰা হ’ব।