প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জোচেফ আৰ সৈতে টেলিফোনযোগে বাৰ্তালাপত মিলিত হয়।
প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি বাইডেনক উষ্ম অভিনন্দন জনোৱাৰ লগতে তেওঁৰ কাৰ্যকালৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে ৷
লগতে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৌশলগত অংশীদাৰিত্বক আৰু অধিক উন্নত কৰাৰ বাবে তেওঁৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে।
আনহাতে, ভাৰতৰ শক্তিক শলাগ লৈ আমেৰিকাৰ এগৰাকী মুখপাত্ৰই এইদৰেও কয় প্ৰশান্ত মহাসাগৰীয়া অঞ্চলৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু সক্ৰিয় অংশীদাৰসকলৰ ভিতৰত ভাৰত আমেৰিকাৰ বাবে অন্যতম ৷
সেয়ে তেওঁ কয় যে ভাৰত-প্ৰশান্ত মহাসাগৰত প্ৰতিৰক্ষা, আঞ্চলিক সহযোগিতা, সন্ত্ৰাসবাদ বিৰোধী, শান্তিৰক্ষা, পৰিৱেশ, স্বাস্থ্য, শিক্ষা, প্ৰযুক্তি, কৃষি, মহাকাশ আৰু মহাসাগৰকে ধৰি বিভিন্ন কূটনৈতিক আৰু নিৰাপত্তা বিষয়ত সহযোগিতা আগবঢ়াৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷
উল্লেখ্য, আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি বাইডেনৰ সৈতে হোৱা এই বাৰ্তলাপে সমগ্ৰ দেশতে এক ধনাত্মক দিশত গতি কৰিছে ৷