ৰেলী বন্ধ কৰক। নিৰ্বাচন পিছুৱাই দিয়ক। দেশত অ’মিক্রন উদ্বেগৰ সময়তে এইবাৰ নির্বাচন কমিছনক অনুৰোধ কৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে। আদালতৰ অনুৰোধ, অন্তত এক বা দুই মাহৰ বাবে পিছুৱাই দিয়ক উত্তৰ প্রদেশ বিধানসভা নির্বাচন। ন্যায়াধীশ শেখৰকুমাৰ যাদৱে প্রধানমন্ত্রী নৰেন্দ্র মোদীক অনুৰোধ কৰিছে সমদল, জনসভা বন্ধ কৰিবলৈ। ইপিনে, কেন্দ্রীয় স্বাস্থ্য সচিবৰ স’তে ২৭ ডিচেম্বৰত জৰুৰী বৈঠকত মিলিত হ’ব নির্বাচন কমিছনে। আসন্ন নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অ’মিক্রন পৰিস্থিতি সন্দৰ্ভত জৰুৰী বৈঠকত মিলিত হ’ব দুয়োপক্ষ।
প্রসংগত, ইতিমধ্যে দেশত অ’মিক্রন উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে। দেশত এই পর্যন্ত অমিক্ৰণত আক্রান্তৰ সংখ্যা তিনিশৰো অধিক। তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত এশৰো অধিক লোক কৰ’নাৰ নতুন ভেৰিয়েন্টত আক্রান্ত হৈছে । দেশত অ’মিক্রন আক্রান্তৰ সংখ্যা সম্প্ৰতি ৩৫৮ জন। দেশত প্রথম অ’মিক্রন ধৰা পৰাৰ কিছুদিনৰ ভিতৰতে আক্রান্তৰ সংখ্যা তিনিশৰ অধিক হোৱাত উদ্বেগ যথেষ্ট বৃদ্ধি পাইছে। যিসকলৰ টিকাকৰণ হৈছে, তেওঁলোকো এই কথা ভাবি উদ্বিগ্ন যে, কৰ’নাৰ নতুন ভেৰিয়েন্টৰ ক্ষেত্ৰত কিমান কার্যকৰী হ’ব সেই টিকা ?
তেনে সময়তে বৰদিন। উৎসৱমুখৰ পৰিৱেশত সংক্রমণ আৰু বঢ়াৰ শংকা। আকৌ নিৰ্বাচন হ’লে নির্বাচনী প্রচাৰ সমদল, জনসভা চলিয়ে থাকিব। সেই সমদল, জনসভাত মানুহৰ ভিৰত সংক্রমণ বহুগুণে বৃদ্ধি হ’ব পাৰে। উদাহৰণ হিচাপে পঞ্চায়ত ভোট আৰু পশ্চিমবংগ বিধানসভা নির্বাচনক দাঙি ধৰিছে ন্যায়াধীশ শেখৰ যাদৱে।