দেশত ভয়াবহ ৰূপ ধাৰণ কৰিছে ক’ৰোনা ভাইৰাছে।
আজি দেশৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ঘোষণা কৰা অনুসৰি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহত ১ কোটি ক’ৰোনা প্ৰতিষেধক উপলব্ধ আছে।
ইয়াৰ উপৰিও কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে যে আগন্তুক ৩দিনৰ ভিতৰত ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চল সমূহে ২০ লাখকৈ ক’ৰোনা প্ৰতিষেধক লাভ কৰিব।
ইফালে দেশত ১মে’ৰ পৰা ১৮ বছৰৰ ঊৰ্ধৰ সকলো লোককে ক’ৰোনা প্ৰতিষেধক দিয়া হ’ব।
যাৰ বাবে কালিৰে পৰা আৰম্ভ হৈছে পঞ্জীয়ন।
আৰু প্ৰথম দিনটোতে দেশৰ ১.৩৩ কোটি জনতাই নাম পঞ্জীয়ন কৰা দেখা গৈছে।