ক’ৰোনা আক্ৰান্ত হৈ মৃত্যু হ’ল ভাৰতীয় হকী দলৰ প্ৰাক্তন খেলুৱৈ তথা অলিম্পিকৰ স্বর্ণ পদক প্ৰাপ্ত ৰবিন্দৰ পাল সিঙৰ।
বিগত ২৮ এপ্ৰিলত ক’ৰোনাত আক্ৰান্ত হৈছিল ৰবিন্দৰ পাল সিং।
তাৰ পিছতে বিবেকানন্দ হাস্পতালত ভৰ্তি কৰা হৈছিল ।
প্ৰায় দুসপ্তাহ ধৰি ক’ৰোনাৰ লগত যুজঁ দিয়াৰ পিছত শুকুৰবাৰে অধিক সংকতজনক হৈ পৰে প্ৰাক্তন খেলুৱৈ জনৰ স্বাস্থ্য।
ততাতৈয়াকৈ ভেন্টিলেটৰত ৰখা হয় যদিও আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰে ৰবিন্দৰ পাল সিঙে।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬০ বছৰ।
ভাৰতীয় হকী দলৰ প্ৰাক্তন সদস্য আছিল ৰবিন্দৰ পাল সিং।
লগতে ১৯৮০ চনত মস্কো অলিম্পিকত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৰবিন্দৰ পাল সিঙে।
I'm deeply saddened to learn that Shri Ravinder Pal Singh ji has lost the battle to Covid19. With his passing away India loses a golden member of the hockey team that won Gold in the 1980 Moscow Olympics. His contribution to Indian sports will always be remembered. Om Shanti🙏 pic.twitter.com/rCE1pcaIgx
— Kiren Rijiju (मोदी का परिवार) (@KirenRijiju) May 8, 2021
Photo Credit: Twitter