উত্তৰ প্ৰদেশৰ অমৰোহা জিলাৰ থানা হছনপুৰ মাৰ্গত দ্ৰুতগতি বাহনৰ সন্ত্ৰাস দেখিবলৈ পোৱা গ’ল।
নিজৰ বিয়াৰ কাৰ্ড ভগাই ঘূৰি আহি থকা যুৱক আৰু তেওঁৰ মাতৃক দ্ৰুতগতিৰ বাহনে খুন্দা মাৰে।
দুৰ্ঘটনাটোত দুয়োজনে কৰুণ মৃত্যুক সাৱটি লয়।
দুৰ্ঘটনাটো ইমানেই দুখঃজনক আছিল যে, প্ৰত্যক্ষদৰ্শীসকলৰ গাৰ নোম শিয়ৰি উঠে।
দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ চালক ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
আৰক্ষীয়ে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
পলাতক অভিযুক্তৰ সন্ধান অভিযান জাৰি
দুৰ্ঘটনাটো অমৰোহাৰ হছনপুৰৰ।
বাইকেৰে এজন যুৱকে মাতৃক লগত লৈ সম্বন্ধীয় লোকসকলক নিজৰ বিয়াৰ কাৰ্ড ভগাই উভতি আহি আছিল।
সেই সময়তে দ্ৰুতগতিৰ এখন বাহনে বাইকত যাত্ৰা কৰা মাতৃ-পুত্ৰক পিছৰ পৰা খুন্দা মাৰে।
দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে, বাইক আৰোহী দুয়োজনে ঘটনাস্থলীতে কৰুণ মৃত্যুক সাৱটি লয়।
মৃত যুৱকজনৰ ১৫ দিনৰ পিছত বিবাহৰ দিন আছিল।
Photo: Google