কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মাৰক ট্ৰাষ্টৰ, অসম শাখাৰ উদ্যোগত ২২ ফেব্ৰুৱাৰীত গুৱাহাটীৰ চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত ৰাষ্ট্ৰমাতা কস্তুৰবাৰ পুণ্য তিথি মাতৃ দিৱস হিচাপে পালন কৰা হয়। এই উপলক্ষে কস্তুৰবা বন্দনাৰে শুভাৰম্ভ হোৱা সভাখনত পৌৰহিত্য কৰে ট্ৰাষ্টৰ ট্ৰাষ্টী নয়ন ভাণ্ডাৰী শৰ্মাই আৰু উদ্দ্যেশ্য বাখ্যা কৰে ট্ৰাষ্টৰ প্ৰতিনিধি বিউটি দাসে।
সভাত নিদিষ্ট বক্তা হিচাপে ভাগ লৈ ট্ৰাষ্টৰ প্ৰাক্তন প্ৰতিনিধি দময়ন্তী দেৱী আৰু অসম প্ৰাদেশিক মহিলা সমিতিৰ সভানেত্ৰী গীতা শৰ্মাই ৰাষ্ট্ৰমাতা কস্তুৰবা গান্ধীৰ জীৱনাদৰ্শৰ ওপৰত আলোকপাত কৰে। সভাত গান্ধী স্মাৰক নিধিৰ সভানেত্ৰী দীপ্তি বৰুৱাক তেওঁৰ সমাজহিতকৰ কামৰ বাবে সম্বৰ্দ্ধনা জনোৱা হয়। শেষত শলাগৰ শৰাই আগবঢ়াই ভানু কাকতিয়ে।