GMCHত চিকিৎসাধীন হৈ থকা বন্দী নেতাজনক সাক্ষাৎ কৰাৰ পিছত সাংসদ অজিত কুমাৰ ভূঞাই ক’লে যে,
যদি অখিলৈ গগৈয়ে আগন্তুক নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰে তেন্তে প্ৰতিগৰাকী বিৰোধীয়ে সমৰ্থন কৰিব লাগে।
লগতে তেওঁ আহ্বান জনালে যে অখিল গগৈয়ে যাতে এইবাৰ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰে।
কিছু দিন পূর্বে GMCHতে অখিল গগৈক সাক্ষাৎ কৰি মিত্রতা নিশ্চিত কৰিছিল অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷
সাংসদগৰাকীয়ে অখিল গগৈৰ সৈতে প্ৰায় ৪৫ মিনিট সময় আলোচনাত বহে।
আলোচনাত এই বিষয়টোও ওলোৱাৰ সম্ভৱ যে অজাপৰ সৈতে মিত্রতা নিশ্চিত কৰা ৰাইজৰ দলক মহাজোঁটলৈ নিব।
কিন্তু এই বিষয়টোক লৈ দুয়োগৰাকী নেতাই কোনোধৰণৰ মত প্ৰকাশ কৰা নায়।
মিত্ৰতাক লৈ মুখ নুখুলিলেও এই সাক্ষাৎ যে অৰাজনৈতিক নহয় সেয়া সম্পূৰ্ণভাৱে নিশ্চিত।
দুয়োজনৰে আলোচনাত এটা কথাই বিশেষ স্থান লাভ কৰিছে যে কেনেদৰে বিজেপিক ক্ষমতাচ্যুত কৰিব পৰা যাব।
Photo: Google