মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালৰ বিজেপি বিধায়ক সুৰেন্দ্ৰ সিং ‘মম্মা’ৰ এখন ফটোয়ে ছচিয়েল মিডিয়াত বিতৰ্কৰ সৃষ্টি কৰিছে।
প্ৰাক্তন বিধায়কগৰাকীয়ে নিজৰ ফেচবুক একাউণ্টত বন্দুকৰ সৈতে এখন ফটো পোষ্ট কৰে আৰু এই ফটোখনক লৈ কংগ্ৰেছে উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।
দৰাচলতে মঙলবাৰে সুৰেন্দ্ৰ নাথ সিঙে নিজৰ ফেচবুক পেজত এখন ফটো আপলোড কৰে।
য’ত তেওঁ অন্য এজন লোকৰ সৈতে জীপত থিয় হৈ থাকে।
সুৰেন্দ্ৰ সিঙে হাতত লৈ আছিল বন্দুক আৰু আনজন লোকৰ হাতত আছিল ৰিভলভাৰ।
প্ৰাক্তন বিধায়কগৰাকীয়ে ফটোখনৰ সৈতে লিখিলে, ‘মাৰিবলৈটো বহুতক আছে কিন্তু সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই যে কাক হত্যা কৰো, এখন তালিকা উলিয়াব লাগিব।’
আপোনালোকৰ জ্ঞাতাৰ্থে জনাও যে সুৰেন্দ্ৰ নাথ সিং ভূপালৰ মধ্য বিধানসভা আসনৰ বিধায়ক আছিল আৰু প্ৰায়ে নিজৰ বিতৰ্কিত মন্তব্যৰ বাবে আলোচনাৰ কেন্দ্ৰবিন্দু হৈ থাকে।
কিছুদিন পূৰ্বে ভেলেণ্টাইন ডে’ত লাউঞ্জ আৰু কেফেত গুণ্ডামি কৰাৰ বাবে তেওঁ জেললৈ যাবলগীয়া হৈছিল।
বিধায়গৰাকীৰ এই পোষ্টটো ছচিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে।
কংগ্ৰেছে এই সন্দৰ্ভত আপত্তি দৰ্শাই প্ৰাক্তন বিধায়কগৰাকীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।
কংগ্ৰেছৰ প্ৰৱক্তা নৰেন্দ্ৰ ছলুজাই টুইটাৰযোগে মন্তব্য প্ৰদান কৰে যে-
एक तरफ़ शिवराज जी कह रहे है कि माफ़ियाओ को ज़मीन में गाढ़ दूँगा , लटका दूँगा , टाँग दूँगा और वही उन्ही की पार्टी के पूर्व विधायक सुरेन्द्र नाथ सिंह बंदूक़ हाथ में लिये फ़ोटो के साथ आमजन को धमकाते हुए लिख रहे है उड़ा दूँगा,मार दूँगा ?
घटना घटने के पहले पुलिस तत्काल कार्यवाही करे। pic.twitter.com/GLxBbduQjj
— Narendra Saluja (@NarendraSaluja) February 23, 2021
ইফালে প্ৰাক্তন বিধায়গৰাকীয়ে ক’লে- ধেমালিতে লিখিছো
নিজৰ ফেচবুক একাউণ্টত তেওঁ লিখিলে যে কিছুদিন পূৰ্বে মই নিজৰ ফাৰ্মহাউছত গৈছিলো আৰু তাতে মোৰ বন্ধুৰ সৈতে মই ফটো উঠাইছিলো।
মই ফটোৰ সৈতে যিখিনি কথা লিখিছো সেইখিনি মই ধেমালিতে লিখিছিলো।
Photo: Aaj Tak