গুৱাহাটীৰ শান্তিপুৰস্থিত তথা অন্যতম ঐতিহ্যমণ্ডিত শিক্ষা প্রতিষ্ঠান প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ বহু বছৰ আগতে নিৰ্মাণ কৰা সীমাৰ দেৱাল সমূহৰ উত্তৰ দিশৰ দেৱাল পুৰণি হৈ পৰাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰাক্তন প্ৰাগজ্যোতিষীয় সন্মিলনৰ ফালৰ পৰা গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাক এই সমস্যাৰ সমাধানৰ বাবে আবেদন জনোৱা হৈছিল। এই আবেদনৰ প্ৰতি সঁহাৰি জনাই সাংসদ কুইন ওজাই বিশেষ তৎপৰতা অবলম্বন কৰি তেঁওৰ ২০২৩-২০২৪ বৰ্ষৰ সাংসদৰ স্থানীয় এলেকা উন্নয়ন পুঁজিৰ অধীনত ২০ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰাৰ বাবে আঁচনি গ্ৰহণ কৰিছে।
সোমবাৰে প্রাগজ্যোতিষ মহাবিদ্যালয় চৌহদত আয়োজিত এক অনুষ্ঠানত সীমা দেৱাল নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে সাংসদ কুইন ওজাই। এই উপলক্ষে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মনোজ কুমাৰ মহন্তই আঁত ধৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ সাংসদ কুইন ওজাই কয় মই মহাবিদ্যাল়য়খনত সীমাৰ দেৱাল নিৰ্মাণৰ আধাৰশিলা স্থাপনৰে উন্নয়নৰ অংশীদাৰ হবলৈ পাই নথৈ আনন্দিত হৈছোঁ। আশাকৰো নিৰ্ধাৰিত সময়ৰ ভিতৰত দেৱালখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হব আৰু ইয়াৰ ফলত মহাবিদ্যালয়খনৰ এটা বহুদিনীয়া অভাৱ পূৰণ হব। ইফালে অনুষ্ঠানত মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থীসকলৰ সৈতেও সাংসদ কুইন ওজাই বিভিন্ন বিষয়ত মত – বিনিময় আৰু বাৰ্তালাপ কৰে। অনুষ্ঠানত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জগদীন্দ্ৰ ৰায় চৌধুৰী, প্ৰাক্তন প্ৰাগজ্যোতিষীয় সন্মিলনৰ সভাপতি তথা ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক দেৱান ধ্ৰুৱজ্যোতি মৰল , সাধাৰণ সম্পাদক মনোজ কুমাৰ দাসকে ধৰি সন্মিলনৰ কেবাজনো কৰ্মকৰ্তা, আৰু বহুসংখ্যক শিক্ষাৰ্থী উপস্থিত থাকে।