বুধবাৰে দিল্লীত হিমাচল প্ৰদেশৰ বিজেপি সাংসদ ৰামস্বৰূপ শৰ্মাৰ মৃত্যু হয়।
তেওঁ দিল্লীৰ ৰামমনোহৰ লোহিয়া হাস্পতালত অন্তিম উশাহ লয়।
তেওঁৰ মৃত্যুৰ বাবে বুধবাৰে অনুষ্ঠিত হ’বলগীয়া বিজেপি সংসদীয় দলৰ বৈঠক বাতিল কৰি দিয়া হয়।
দিল্লী আৰক্ষীয়ে জনোৱা অনুসৰি, তেওঁলোকক সাংসদৰ এটা ষ্টাফে পুৱা প্ৰায় ৮.৩০ বজাত জানিবলৈ দিয়ে যে,
আৰএমএল হাস্পতালৰ সমীপত গোমতী এপাৰ্টমেণ্টত বিজেপি সাংসদ ৰামস্বৰূপ শৰ্মাই আত্মহত্যা কৰিছে।
ঘটনাস্থলীত যেতিয়া আৰক্ষী বিষয়া উপস্থিত হয় তেতিয়া তেওঁৰ কোঠা ভিতৰৰ পৰা বন্ধ আছিল।
যেতিয়া দুৱাৰ ভাঙি খোলা হয় তেতিয়া তেওঁৰ মৃতদেহ ফাঁচী লগোৱা অৱস্থাত উদ্ধাৰ হয়।
তেওঁৰ কোঠাৰ পৰা যথেষ্ট পৰিমাণৰ ঔষধ উদ্ধাৰ হয়।
আৰক্ষীয়ে ক’লে যে আমি তদন্ত অব্যাহত ৰাখিছো।
Delhi: The body of BJP MP Ram Swaroop Sharma being brought out of his residence. MoS Finance and Corporate Affairs Anurag Thakur reaches the spot. pic.twitter.com/Dsek4KrbVi
— ANI (@ANI) March 17, 2021
বৰ্তমান তেওঁৰ আত্মহত্যাৰ কাৰণ জানিবলৈ পৰা হোৱা নায়।
BJP Parliamentary Party meeting scheduled for today has been cancelled after the demise of BJP MP Ram Swaroop Sharma
— ANI (@ANI) March 17, 2021
ইফালে বুধবাৰে লোকসভাত ৰামস্বৰূপ শৰ্মা আৰু মনোহৰ লাল সেনীক শ্ৰদ্ধাঞ্জলি দিয়াৰ পিছত সদনৰ বৈঠক দুপৰীয়া ১ বজালৈ স্থগিত কৰি ৰখা হৈছে।
Lok Sabha adjourned till 1 pm after the House paid tribute to BJP MP Ram Swaroop Sharma ex-MP Dilip Gandhi.
Ram Swaroop Sharma was found hanging at his residence in Delhi today. Dilip Gandhi passed away at a hospital where was under treatment after testing positive for #COVID19 pic.twitter.com/00HM95oHD8
— ANI (@ANI) March 17, 2021
তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
Photo: Google