ক্ৰমাত সুস্থ হৈ উঠিছে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া, শ্ৰীযুত বশিষ্ঠ দেৱ । বুধবাৰে GMCHৰ কৰ্তৃপক্ষই শৰ্মা দেৱক ঘৰলৈ নিয়াৰ পৰামৰ্শ দিয়ে।
চিকিৎসক সকলে তেওঁ এতিয়া সুস্থ বুলি জনোৱাৰ লগতে খাদ্য বিশেষজ্ঞই প্ৰস্তুত কৰি দিয়া খাদ্য তালিকা অনুসৰি খাদ্য গ্ৰহণ কৰাৰ পৰামৰ্শ দিয়ে। লগতে ঔষধৰ তালিকা পৰিয়ালক বুজাই দিয়ে।
নিৰ্দিষ্ট খাদ্য আৰু ঔষধ গ্ৰহণৰ লগতে প্ৰয়োজনীয় বিশ্ৰামৰ বাবে তেওঁ এতিয়া পূৰ্বেৰ দৰে সামাজিক অনুষ্ঠানত যোগদান কৰিলে খাদ্য, ঔষধ গ্ৰহণত কিছু অসুবিধা হোৱাৰ সম্ভাৱনা আছে বুলি চিকিৎসকে জানিবলৈ দিয়ে ।