আজি গুৱাহাটীত এমএছএমই-ডিআইৰ উদ্যোগত তথা চিএছআইআৰ-চিএমইআৰআইৰ সৈতে ‘চিএছআইআৰ-চিএমইআৰআই বিকশিত পানী পৰিষ্কাৰকৰণ প্ৰযুক্তি’ বিষয়ক এক ৱেবিনাৰ অনুষ্ঠিত হয়৷ এই ভাৰ্চুৱেল অনুষ্ঠানত চিএছআইআৰ-চিএমইআৰআইৰ সঞ্চালক অধ্যাপক হৰিশ হিৰাণীয়ে মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰে৷
দুৰ্গাপুৰ চিএছআইআৰ-চিএমইআৰআইৰ সঞ্চালক অধ্যাপক হৰিশ হিৰাণীয়ে কয় যে ২০১৬ চনৰ পৰা চিএছআইআৰ-চিএমইআৰআইৰ অধীনত পানী পৰিষ্কাৰকৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল৷ আৰু এই সন্দৰ্ভত ২০১৭ চনৰ পৰা বঁটা প্ৰদানৰ কামো আৰম্ভ হৈছিল৷ তেতিয়াৰে পৰা চিএছআইআৰ-চিএমইআৰআইয়ে নিৰৱচ্ছিন্নভাৱে পানীৰ প্ৰযুক্তিৰ ওপৰত কাম কৰি আহিছে৷ শেহতীয়াকৈ প্ৰতিষ্ঠানটোৱে আইএছঅ’ মানক অনুসৰি ‘জল পৰীক্ষণ সুবিধা’ শীৰ্ষক এক মূল্যায়ন ব্যৱস্থাৰো প্ৰৱৰ্তন কৰিছে৷
অধ্যাপক হিৰাণীয়ে কয় যে বিগত কেইটামান বৰ্ষৰ পৰা চিএছআইআৰ-চিএমইআৰআইয়ে পানীৰ পৰিষ্কাৰৰ বিভিন্ন প্ৰযুক্তি বিকশিত কৰিছে আৰু এই প্ৰযুক্তিসমূহ এমএছএমইৰ সৈতে বিনিময় কৰা হৈছে৷ অসমৰ চাৰিটা এমএছএমইয়ে ইতিমধ্যেই এই প্ৰযুক্তিসমূহ গ্ৰহণ কৰিছে৷ চিএছআইআৰ-চিএমইআৰআইয়ে পানীৰ পৰা ফ্ল’ৰাইড, আৰ্ছেনিক আৰু আইৰণ নিৰ্মূল কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে৷
ৱেবিনাৰখনত উপস্থিত থাকি গুৱাহাটী এমএছএমই ডিআইৰ যুঁটীয়া সঞ্চালক তথা মুৰব্বী শ্ৰী দেবব্ৰত মিশ্ৰাই কয় যে খোৱা পানী আৰু অনাময় মন্ত্ৰালয়ে ৰাজ্য চৰকাৰৰ খোৱা পানী আৰু পানীৰ সঞ্চয়ৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰিছে৷ অসমৰ গ্ৰামাঞ্চলৰ কেৱল ৪৩.৮% বাসিন্দাৰ বাবে সুৰক্ষিত খোৱা পানীৰ সুবিধা মজুত বুলি তেওঁ উল্লেখ কৰি এয়া পুতৌজনক বুলি মন্তব্য কৰে৷ তেওঁ কয় যে কোনো এটা প্ৰযুক্তিয়ে আটাইবোৰ মানদণ্ড পূৰণ কৰিব নোৱাৰা হেতুকে আমি চিএছআইআৰ-চিএমইআৰআই বিকশিত পানী পৰিষ্কাৰকৰণ প্ৰযুক্তি আঁকোৱালি লৈছো যাতে অসমৰ গ্ৰামাঞ্চলৰ সৈতে এমএছএমই খণ্ডও উপকৃত হয়৷
ৱেবিনাৰখনত এমএছএমই টিচি, কলকাতাৰ শ্ৰী সুনীল কুমাৰ, টৰাছৰ শ্ৰী অভিক শৰ্মা, ড০ অৰিজিৎ বেনাৰ্জীকে ধৰি অসমৰ এমএছএমইৰ বিভিন্ন উদ্যমীয়েও অংশগ্ৰহণ কৰে৷