দেশৰ আটাইতকৈ ধনাঢ্য ব্যক্তি আৰু আটাইতকৈ মূল্যৱান কোম্পানী ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেড(RIL)ৰ স্বত্ত্বাধিকাৰী মুকেশ আম্বানী এটা চিৰিয়াখানা নিৰ্মাণ কৰিবলৈ ওলাইছে।
আম্বানীয়ে নিজৰ গৃহ ৰাজ্য গুজৰাটত এই চিৰিয়াখানাটো নিৰ্মাণ কৰি উলিয়াব।
ব্লুমবাৰ্গৰ ৰিপৰ্ট অনুসৰি, বিশ্বৰ আটাইতকৈ ডাঙৰ চিৰিয়াখানাৰ ভিতৰত এখন হ’ব।
গুজৰাটতে তেওঁৰ আটাইতকৈ বৃহৎ তেল ৰিফাইনিং কমপ্লেক্সৰ সঞ্চালন কৰে।
২০২৩ত মুকলি হ’ব চিৰিয়াখানাখন
এই সন্দৰ্ভত ৰিলায়েঞ্চত কৰ্পৰেট এফায়াৰ্ছ ডাইৰেক্টৰ পৰিমল নাথবানীয়ে ক’লে যে, ২০২৩ত এই চিৰিয়াখানাখন খোলাৰ সম্ভাৱনা।
ইয়াত স্থানীয় চৰকাৰক সহায় কৰিবলৈ এটা উদ্ধাৰকাৰী কেন্দ্ৰও অন্তৰ্ভুক্ত হ’ব।
কিমান সম্পত্তি
ব্লুমবাৰ্গ বিলেনিয়ন ইণ্ডেক্সৰ অনুসৰি, বৰ্তমান সময়ত ধনী লোকৰ ভিতৰত মুকেশ আম্বানী বিশ্বৰ ভিতৰত একাদশ স্থানত আছে আৰু তেওঁ ৮০.৯ আৰৱ ডলাৰ (প্ৰায় ৫৭৯৪.১৮ আৰৱ টকা) সম্পত্তিৰ মালিক।
Forbes Billionaire Indexৰ অনুসৰি, পৃথিৱীৰ ধনী লোকৰ ভিতৰত দ্বাদশ স্থানত আছে আম্বানী।
তেওঁৰ সম্পত্তি আছে ৭৯.১ আৰৱ ডলাৰ।
চীনৰ ব্যৱসায়ী ঝোং ছানছানে তেওঁৰ পৰা এছিয়া আটাইতকৈ ধনাঢ্য লোকৰ মুকুট কাঢ়ি লৈছিল।
Photo: Google