ৰাজভৱনত আজি ৰাজ্যপাল জগদীশ মুখীয়ে মুকলি কৰে এখন অত্যাধুনিক সা-সুবিধাযুক্ত চিকিৎসালয়। অনুষ্ঠানটোত ৰাজ্যৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তও উপস্থিত আছিল। ৰাজভৱনৰ এটা বহুদিনীয়া অভাৱ পূৰণ হ’ল বুলি স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই কয়।
উল্লেখ্য যে, আজিৰে পৰা ২৪ ঘণ্টাই খোলা থাকিব এই চিকিৎসালয়। ৰাজভৱনৰ স্থায়ী কৰ্মচাৰীসকলৰ বাবে ৰেজিষ্ট্রাৰ থাকিব। কাৰ্ড দেখুৱাই চিকিৎসক পাব কৰ্মচাৰীয়ে। এই চিকিৎসালয়ত ২৪ ঘণ্টাই থাকিব চিকিৎসক, নাৰ্চ।