গ্ৰাহক ৰাইজৰ জনস্বাস্থ্যৰ দিশটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি মহানগৰীত অস্বাস্থ্যকৰ পৰিবেশত মাছ – মাংস বিক্ৰী কৰা ব্যৱসায়ী সকলৰ বিৰুদ্ধে মঙ্গলবাৰে গুৱাহাটী পৌৰ নিগমৰ নিগমৰ এনফৰ্চমেণ্ট বিভাগে মহানগৰ আৰক্ষীৰ সহযোগত আঠগাঁও বজাৰ, চাবিপুল, চেৰাপভাটী, চাইকেল ফেক্টৰী, ফটাশিল বজাৰ, আমবাৰী, ধীৰেনপাৰা, বৰ্ষাপাৰা, গণেশপাৰা, কটাহবাৰী, গড়চুক চাৰিআলি, আৰু পূৱ বৰাগাঁওত এক অভিযান চলায়।
অভিযানকালত নিগমৰ দলটোৱে মুঠ ৬৮ খন মাছ – মাংস বিক্ৰী কৰা দোকান পৰীক্ষা কৰি যিসকল বিক্ৰেতাই নীতি – নিয়ম উলংঘা কৰি গ্ৰাহকক অস্বাস্থ্যকৰ পৰিবেশত বিক্ৰী কৰিছিল তেঁওলোকৰ পৰা জৰিমনা হিচাপে ২০,৫০০ টকা সংগ্ৰহ কৰাৰ লগতে আগন্তক দিনত নীতি মানি চলি গ্ৰাহকক মাছ – মাংস বিক্ৰী কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখ্য যে গুৱাহাটী মহানগৰীত একাংশ বিক্ৰেতাই গ্ৰাহকক অস্বাস্থ্যকৰ পৰিৱেশত দীৰ্ঘদিনৰ পৰা মাছ – মাংস বিক্ৰী কৰি অহাটো সৰ্বজন বিদিত।