দুবাৰকৈ বিশাল সংখ্যাগৰিষ্ঠতাৰে দিল্লী দখল কৰাৰ পাছত বিজেপি দলটোৱে আঞ্চলিক দলসমূহক ধ্বংস কৰাৰ ভূমিকা লৈ অহা পৰিলক্ষিত হৈছে। বিশেষকৈ আঞ্চলিক দলৰ সৈতে মিত্ৰতা কৰি জিকিবলৈ কঠিন ৰাজ্যৰ ক্ষমতা দখল কৰাটো বিজেপিৰ ৰণনীতিৰ এটা অংগ ৷ অসমত ২০০১চনত প্ৰথমবাৰৰ বাবে আঞ্চলিক দল অসম গণ পৰিষদৰ সৈতে মিত্ৰতা স্থাপন কৰিছিল বিজেপি দলে, কিন্তু সেই বাৰ মিত্ৰতা সফল হোৱা নাছিল৷ ২০১৬ত পুনৰ দুয়োটা দল মিত্ৰ হৈছিল। শাসকীয় কংগ্ৰেছৰ মূল প্ৰতিদ্বন্দ্বী আছিল বিজেপি। অগপ আছিল দ্বিতীয় স্থানৰ দলহে, যাৰ লক্ষ্য আছিল কেৱল অস্তিত্ব ৰক্ষা।
২০১৬ত চমকপ্ৰদ জয়েৰে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট শাসনলৈ আহিছিল৷ ২০২১তো একে মিত্ৰতা অব্যাহত আছিল৷
আগন্তুক পৌৰ নিৰ্বাচনৰ আসন ভাগবাটোৱাৰালৈ লক্ষ্য কৰিলে এটা কথা স্পষ্ট হয় যে, মিত্ৰতাত বিজেপিয়ে অগপক বিশেষ গুৰুত্ব দিয়া নাই ৷ অগপৰ নেতৃত্বৰ এনে নিৰ্লজ্জ আত্মসমৰ্পণে তৃণমূল পৰ্যায়ৰ নেতা কৰ্মীসকলক ক্ষুণ্ণ কৰিছে।
বিভিন্ন জিলাত পৌৰ নিৰ্বাচনৰ আসনৰ ভাগ বাটোৱাৰালৈ মন কৰিলে গম পোৱা যায় যে বিভিন্ন ঠাইত বৰ্তি থকা অগপৰ ভেটি বিজেপিয়ে গ্ৰাস কৰিবলৈ চেষ্টা কৰিছে। আনকি অগপৰ দখলত থকা তেজপুৰ, চাবুৱা, দেৰগাওঁ, টীয়কৰ দৰে বিধানসভা সমষ্টিতো অগপক নগণ্যসংখ্যক আসনহে বিজেপিয়ে এৰি দিছে ৷
অগপৰ জন্মস্থান গোলাঘাটত পৌৰ সভাসমূহৰ মুঠ ৫৩খন আসনৰ মাত্ৰ ১৬খন আসনহে দলটোৱে প্ৰতিদ্বন্দ্বিতা কৰিব। গোলাঘাট সদৰৰ মুঠ ১৩খন আসনৰ ৬খনহে অগপক এৰি দিয়া হৈছে৷ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ মুঠ ১১৭টা ৱাৰ্ডৰ মাত্ৰ ২৩টা ৱাৰ্ডহে অগপই লাভ কৰিছে।
আনহাতে, অগপৰ দখলত থকা চাবুৱা সমষ্টিৰ চাবুৱা পৌৰসভাৰ ১০খন আসনতে বিজেপিয়ে প্ৰাৰ্থী দিছে৷ তৃণমূল কৰ্মীৰ হেঁচাত বিধায়ক পোনাকণ বৰুৱাই দহোটা সমষ্টিত অগপ প্ৰাৰ্থী দিলেও ভোটাৰ বিভ্ৰান্ত হোৱাটো ধুৰূপ।
দৰঙৰ মঙলদৈ, খাৰুপেটীয়া, ছিপাঝাৰ পৌৰসভাৰ ৩১খন আসনৰ ছখনহে অগপক এৰি দিয়া হৈছে ৷ একেদৰে নলবাৰীৰ ১৭খন আসনৰ মাত্ৰ দুখনহে অগপই পাইছে। মৰিগাঁও পৌৰসভাৰ ১১টা ৱাৰ্ডৰ দুটাহে বিজেপিয়ে অগপক এৰি দিছে৷ দেৰগাওঁ বিধানসভা সমষ্টিৰ ১০খন আসনৰ মাত্ৰ তিনিখন অগপক দিয়া হৈছে। টীয়ক বিধানসভা সমষ্টিত আসনকেন্দ্ৰিক সংঘাতক লৈ ইতিমধ্যে দুয়োটা দলে মিত্ৰতাৰ ধৰ্ম দলিয়াই পেলাইছে। টীয়কৰ ৯টা ৱাৰ্ডত বিজেপিয়ে আৰু ৫টাত অগপই মনোনয়ন দাখিল কৰিছে। নগাঁও পৌৰসভাৰ ২৬ আসনৰ মাত্ৰ ৪খন অগপই লাভ কৰিছে৷ ধিঙ আৰু হোজাইৰো এখনো আসন অগপক বিজেপিয়ে এৰি দিয়া নাই। সেইদৰে তেজপুৰৰ ১৯টা ৱাৰ্ডৰ তিনিটাহে লাভ কৰিছে অগপই ৷
আনহাতে বঙাইগাঁও পৌৰসভাত হোৱা আসনকেন্দ্ৰিক সংঘাতৰ বাবে ২৫টা ৱাৰ্ডতে দুয়োটা দলেই প্ৰাৰ্থিত্ব দিছে৷ বৰপেটা আৰু অভয়াপুৰীৰো আটাইকেইটা সমষ্টিত অগপ আৰু বিজেপি দুয়োটা দলে প্ৰাৰ্থিত্ব আগবঢ়াইছে৷ মুঠৰ ওপৰত পৌৰসভা নিৰ্বাচনৰ আসন বুজাবুজিক লৈ যে অগপৰ তৃণমূল পৰ্যায়ৰ কৰ্মীয়ে হয়তো বুজি পাইছে যে বিজেপিয়ে নিজৰ ৰাজনৈতিক শক্তি ব্যৱহাৰ কৰি অগপক ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে গ্ৰাস কৰিব। এই নিৰ্বাচনৰ ফলাফলে মিত্ৰজোঁটত যথেষ্ট প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে৷