যশস্বী সংগীত পৰিচালক ভূপেন উজীৰ আৰু নাই। অসমীয়া সংগীত জগতক উকা কৰি মঙলবাৰে নিশা গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে সংগীত পৰিচালক ভূপেন উজীৰে।
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল শিল্পীগৰাকী। ৬ জানুৱাৰীত তেওঁক ভৰ্তি কৰোৱা হৈছিল হাস্পতালত। শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈছিল। ১৯৫৩ চনৰ ৫ এপ্ৰিলত যোৰহাটত জন্মগ্ৰহণ কৰিছিল শিল্পী গৰাকীয়ে। যোৰহাটত শৈশৱ পাৰ কৰা ভূপেন উজীৰে ইহ সংসাৰত এৰি গ’ল পত্নী শান্তা উজীৰ আৰু দুই কন্যা প্ৰীতিস্মিতা উজীৰ খানুজা আৰু কীৰ্তিকা উজীৰ শৰ্মাক।
ভূপেন উজীৰে সুৰ কৰা বা সংগীতেৰে সজোৱা অসমীয়া গীতৰ তালিকা যথেষ্ট দীঘলীয়া। সংগীত পৰিচালক, সুৰকাৰ, গীটাৰবাদক, শব্দযন্ত্ৰী, গীতিকাৰ, বাদ্যযন্ত্ৰী হিচাপে অনন্য আছিল শিল্পী ভূপেন উজীৰ। ২০ খনৰো অধিক ছবিত তেওঁ সংগীত পৰিচলনা কৰিছিল। জীৱন সুৰভি, ব’হাগৰ দুপৰীয়া, প্ৰতিদান, জখম, উৰ্বশী, এই মৰম তোমাৰ বাবে, পূজা, পিতা পুত্ৰ, ভাই ভাই, যৌৱনে আমনি কৰে, বুকুৰ মাজত জ্বলে, অঘৰী আত্মা, বৰদৈচিলা আদিকে ধৰি কেইবাখনো জনপ্ৰিয় ছবিৰ সংগীত পৰিচালনা কৰিছিল ভূপেন উজীৰে। তেওঁ সংগীত পৰিচালনা কৰা প্ৰথমখন ছবি আছিল দেৱী। পত্নী শান্তা আৰু ভূপেন উজীৰৰ যুটী অসমীয়া সংগীত জগতৰ বাবে এক অনবদ্য অৱদান। সংগীত পৰিচালক জিতু তপনৰ দ্ৱাৰা পৰিচালিত অৰ্কেষ্ট্ৰা গীটাৰ বজাইছিল ভূপেন উজীৰে।