মঙলবাৰে NABARDৰ গুৱাহাটীস্থিত কাৰ্যালয়ত আয়োজন কৰা ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিত্তমন্ত্ৰী অজন্তা নেওগে কয় যে, ৰাজ্যৰ আন্তঃগাঁথনিৰ উন্নয়নৰ ক্ষেত্ৰত NABARDৰ সহযোগিতা অতি প্ৰয়োজনীয়। NABARDৰ সহযোগিতাৰ বাবে ৰাজ্য চৰকাৰে বহু কেইখন আঁচনিৰ সফল ৰূপায়ন কৰিছে। তেওঁ এই সহযোগিতাৰ বাবে NABARDক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে আগন্তুক দিনটো ৰাজ্যখনৰ উন্নয়নৰ স্বাৰ্থত NABARDৰ সহযোগিতা কামনা কৰে।
আনহাতে ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি NABARD এ আয়োজন কৰা আত্মসহায়ক গোট আৰু বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানৰ উৎপাদিত বয়-বস্তু দেখিও সন্তোষ প্ৰকাশ কৰে বিত্তমন্ত্ৰী নেওগে।
Delighted to participate in the Amrit Mahotsav organized by NABARD,Assam today on the occasion of its 41st Foundation Day.
I would also like to thank and appreciate the organization for its support in the development journey of Assam. pic.twitter.com/v0M9lB9mX0
— Ajanta Neog (Modi Ka Parivar) (@AjantaNeog) July 12, 2022
উক্ত অনুষ্ঠানত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ উত্তৰ-পূবৰ মাণ্ডলিক সঞ্চালক সঞ্জীৱ সিংহা ডাঙৰীয়া, NABARD অসমৰ মুখ্য মহাপ্ৰৱন্ধক নৱীন ধিংৰা আৰু ভাৰতীয় ষ্টেট বেংকৰ গুৱাহাটী শাখাৰ মুখ্য মহাপ্ৰৱন্ধক অৰবিন্দ কুমাৰ সিং ডাঙৰীয়াৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।