মৰিয়নী নাগিনীজান চাহ বাগিছাৰ সমীপৰ দিছৈ বনাঞ্চলত নগাসকলে বল প্ৰয়োগ কৰি জেওৰা দি অসমৰ ভূমিক অবধৈভাৱে নিজৰ কৰি লোৱা প্ৰচেষ্টা অব্যাহত আছে ৷
অসমৰ ভূমিত নগাৰ বেদখলে অসমবাসীলৈ ভাবুকি কঢ়িয়াই আনিছে ৷
সেয়ে স্থানীয় লোকে নগাৰ এই ভূমি বেদখলৰ সন্দৰ্ভত দেৱেৰাপাৰা আৰক্ষীক অৱগত কৰে ৷
উল্লেখযোগ্য যে এই সন্দৰ্ভত তদন্ত চলাই মৰিয়নীৰ চক্ৰ বিষয়া অসীম বুঢাগোঁহাঞি ঘটনাস্থলীত উপস্থিত হয় ৷
চক্ৰ বিষয়াগৰাকীৰ উপস্থিতিত মৰিয়নীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তিলক বৰা আৰু দেৱেৰাপাৰ আৰক্ষী চকীৰৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপাংকৰ গগৈৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে নগা লোকে দিয়া বাঁহৰ জেওৰা উঠাই দিয়ে।
উল্লেখ্য, এই জেওৰা অসমৰ ভূমিত কোনে দিলে এতিয়ালৈ কোনো তথ্য লাভ কৰিব পৰা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷
Photo Credit: Sapun Rahman