দেশৰ ভিতৰত ঋণী ৰাজ্যৰ দ্বিতীয় স্থানত আছে নাগালেণ্ড ৷
পঞ্চদশ বিত্তীয় আয়োগৰ এক সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য।
“ক’ভিড কালত বিত্তীয় আয়োগ” শীৰ্ষক এক সমীক্ষা চলাইছিল পঞ্চদশ বিত্তীয় আয়োগে ৷
সমীক্ষা অনুসৰি, নাগালেণ্ডৰ ঋণৰ পৰিমাণ নেচনেল হেল্থ এডুকেচন ষ্টেণ্ডাৰ্ডৰ গড় হিচাপ ২৯.৬১ শতাংশতকৈ বহু গুণে অধিক ৷
নাগালেণ্ডৰ মুঠ ঘৰুৱা উৎপাদন হ্ৰাস পাই ২০১১-১২ বৰ্ষৰ ৫৫.৫% ৰ তুলনাত ২০১৮-১৯ বৰ্ষত হয়গৈ ৪২.৭ % ৷
ৰিপৰ্টত পঞ্চদশ বিত্তীয় আয়োগে উল্লেখ কৰিছে যে ৰাজ্যখনে অগ্ৰাধিকাৰ ব্যয়ত গুৰুত্ব প্ৰদান কৰা উচিত ৷
নাগালেণ্ডৰ মূলধন ব্যয় যোৱা বছৰকেইটাত যথেষ্ট নিম্নগামী হৈছে ৷
মুঠ ঘৰুৱা উৎপাদন ১০.৩% পৰা ৫.৯% লৈ আৰু মুঠ ব্যয় ২০.৪% – ১২.৮% হ্ৰাস পাইছে ৷
পঞ্চদশ বিত্তীয় আয়োগে লগতে উল্লেখ কৰিছে যে নাগালেণ্ডে প্ৰতিশ্ৰুতি ব্যয়ৰ বোজা কিছু কমোৱাৰ লগতে উন্নয়ন ব্যয়ৰ বাবে পুঁজি সংৰক্ষণ কৰাৰ প্ৰয়োজন ৷
photo: google