পূৰ্বৰ অশান্ত অঞ্চলৰ ম্যাদ ৩০ জুনত অন্ত পৰাত কেন্দ্ৰীয় চৰকাৰে পুনৰ অহা ৩১ ডিচেম্বৰলৈ ছমাহৰ বাবে অশান্ত অঞ্চল হিচাবে ঘোষণা কৰিছে নাগালেণ্ডক।উল্লেখ্য যে,বিগত সাত দশকজুৰি নাগালেণ্ডত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন-১৯৫৮ বলৱৎ হৈ আছে ।
বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰ্যালয়ে এক অধিসূচনাৰ জৰিয়তে কয় যে, সমগ্ৰ নাগালেণ্ডত অশান্ত আৰু বিপদজনক পৰিস্থিতি অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত নাগৰিকৰ সহায়ৰ বাবে সশস্ত্ৰ বাহিনী প্ৰয়োগ কৰাৰ প্ৰয়োজন আছে ।