নগাঁৱৰ বামুণী পাহাৰত ১৮টা হাতীৰ কৰুণ মৃত্যুৰ ঘটনাই ৰাজ্যৰ লগতে সমগ্ৰ দেশকে জোকাৰি গৈছে।
কি কাৰণত একেদিনাই ইমান বিশাল সংখ্যক হাতীয়ে মৃত্যুক সাৱটিলে? ইয়াৰ প্ৰকৃত ৰহস্য কি? প্ৰকৃতিৰ কোপদৃষ্টি নে দুৰ্বৃত্তৰ কোপদৃষ্টি?
নগাঁৱৰ এই শোকাৱহ ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য।
শুক্লবৈদ্যই সাংবাদিক জনোৱা অনুসৰি প্ৰাৰম্ভিক অনুসন্ধানত এই কথা প্ৰকাশ পাইছে যে, বজ্ৰপাতৰ ফলতেই হাতীকেইটাৰ মৃত্যু হৈছে।
কিন্তু সাংবাদিকক দিয়া বাইটত এই কথা স্পষ্টভাৱে ক’ব নোৱাৰিলে যে, হাতীকেইটাৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি?
খাদ্যৰ বিষক্ৰিয়া ঘটি মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশৰ কথা সাংবাদিকে সোধাত, বন মন্ত্ৰীগৰাকীয়ে ক’লে-
বিষক্ৰিয়া হ’লে, হাতীৰ শক্তি আছে, লগে লগে কিবা হ’ব নেকি। কোনোবাই কিবা খুৱাই দিলে আৰু মৃত্যু হৈ গ’ল। বিষক্ৰিয়া হ’বও পাৰে, মই এইটো নহয় বুলি কোৱা নাই, কিন্তু মৃত্যুৰ আগতে কিবা এটাটো কৰিলে হয়।
আনহাতে পৰিমল শুক্লবৈদ্যই বন বিভাগৰ উচ্চ পদস্থ বিষয়াৰ ধাৰণাকে ভুল বুলি প্ৰমাণিত কৰাৰ চেষ্টা চলালে। হাতীয়ে আঁঠু কাঢ়ি নমৰাৰ মন্তব্যত বন মন্ত্ৰীগৰাকীয়ে ক’লে,
বিষয়াজনৰ ধাৰণা এয়া। মৃত্যু হোৱাৰ সময়ত হাতীৰ মনত থাকে নেকি আঁঠু ওপৰত আছে নে তলত।
মুঠতে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ গা এৰা মন্তব্য।
ইফালে কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা অহা ৪জনীয়া বিশেষজ্ঞৰ দলেও এই ঘটনাৰ প্ৰাৰম্ভিক কাৰণ হিচাপে বজ্ৰপাত বুলিয়েই ধাৰণা কৰে।
অৱশ্যে তেঁওলোকে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পিছতহে সবিশেষ জানিব পাৰিব বুলিও সংবাদ মাধ্যমক অৱগত কৰে।
আনহাতে এই ঘটনাটো স্বাভাৱিকভাৱে ল’ব পৰা নাই একাংশ দল-সংগঠনে।
একাংশ দল-সংগঠনে ইয়াৰ আঁৰত গভীৰ ষড়যন্ত্ৰ নিহিত হৈ থকা বুলি সন্দেহ প্ৰকাশ কৰে।
ঘটনাস্থলী পৰিদৰ্শন কৰি উভতি অহা পথতে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীক এই ঘটনাৰ উচিত তদন্ত বিচাৰি স্মাৰকপত্ৰ প্ৰদান কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, সদৌ অসম ছাত্ৰ সন্থা আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।
এই ১৮টা হাতীৰ মৃত্যুৰ ৰহস্য ফাদিল হ’ব নে? মৰণোত্তৰ পৰীক্ষাৰ অন্তত প্ৰকৃত সত্যতা ওলাই পৰিবনে? বন মন্ত্ৰীৰ কথা সঁচা হ’ব, নে বন বিষয়া আৰু দল-সংগঠনৰ সন্দেহত আছে সত্যতা? অসমৰ ইমান বৃহৎ ক্ষতিত প্ৰকৃততে কোন জগৰীয়া? সেয়া সময়ত নিশ্চিতভাৱে লক্ষণীয় হ’ব।
Photo: Headline8