একবিংশ শতিকাত নৰসমাজক লজ্জিত কৰা মানুহ বলি দিয়াৰ জঘন্য ঘটনা। নাহৰকটীয়াৰ চাচনীত অন্ধবিশ্বাসৰ কৱলত পৰি তিনিগৰাকী কিশোৰীসহ মহিলাক বলি দিয়াৰ পৰিকল্পনা চলাইছিল এটা পৰিয়ালৰ মাতৃ-পুত্ৰই।
গাওঁখনৰ বাসিন্দা দেৱজিৎ হাজৰিকা, মিণ্টু হাজৰিকা, দেৱকান্ত হাজৰিকা আৰু মাতৃ টুটুমণি হাজৰিকাই ঘৰৰ ওচৰৰে তিনিগৰাকী যুৱতী আৰু এগৰাকী কিশোৰীক ঘৰতে অচেতন কৰি পুৱাৰে পৰা যুৱতী কেইগৰাকীক বলি দিয়াৰ উদ্দেশ্যেৰে পূজা পাতল চলাই আছিল।স্থানীয় লোকে এই ঘটনাক উমান পাই হাতে লোটে আটক কৰি পৰিয়ালটোক চমজাই দিয়ে আৰক্ষীক।
যুৱতী আৰু কিশোৰীগৰাকী পুৱাৰে পৰা সন্ধানহীন হৈ থকাৰ বাবে পৰিয়ালৰ লোকে বিচৰা খোচাৰ কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে।গাঁওবাসীয়ে জানিবলৈ দিয়া মতে, মাতৃ-পুত্ৰসহ এই পৰিয়ালটোৱে কিছুদিনৰ ধৰি ঘৰতে পূজা-পাতল কৰি গাঁওখনত ক’লা যাদুৰ অন্ধবিশ্বাস বিয়পাই গাঁওবাসীক আতংকিত কৰি ৰাখিছিল৷
ইতিমধ্যে নাহৰকটীয়া আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ২৯০/৩৫৪/৩০৭/২৯৫ (A)RW Sec8 Pacso ধাৰাত ১৭১/২১ নম্বৰ আৰু NDPS Actৰ ১৭২/২১ নম্বৰত দুটাকৈ গোচৰ ৰুজু কৰি ধৃত মাতৃ-পুত্ৰক জে’ললৈ প্ৰেৰণ কৰে।