বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ ভাংনামাৰী আৰক্ষী থানাৰ দুমহলীয়া অট্টালিকা জাহ গ’ল ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত। উল্লেখ্য় যে, ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীৰ তীব্ৰ সোঁতত জাহ গৈছে বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ বিস্তৃত অঞ্চল।
আজি গৰাখহনীয়াত ব্ৰহ্মপুত্ৰত জাহ গ’ল বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ ভাংনামাৰী আৰক্ষী থানাৰ দুমহলীয়া অট্টালিকাটো। অৱশ্যে ভাংনামাৰী আৰক্ষী থানাখন কিছুদিন পূৰ্বে গৰাখহনীয়াৰ আশংকাত উক্ত স্থানৰ পৰা অন্য স্থানলৈ স্থানান্তৰিত কৰা হৈছিল। পূৰ্বৰ স্থানত থকা এই থানাখনৰ দুমহলীয়া অট্টালিকাটো গৰাখহনীয়াৰ কবলত পৰে আৰু বহ্মপুত্ৰৰ বুকুত জাহ যায়। অঞ্চলটোত থকা একাধিক বিদ্যালয় তথা বিভিন্ন চৰকাৰী বেচৰকাৰী অনুষ্ঠান ইতিমধ্যেই বহ্মপুত্ৰৰ গৰাখহনীয়াত জাহ গৈছে।