চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰি – ভয় জিলাৰ সদৰ নংপো চহৰৰ পৰা মাত্ৰ ছয় কিলোমিটাৰ নিলগত প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ মনোমোহা স্থানত আছে দহখনকৈ অসমীয়াভাষী গাঁও। প্ৰচাৰকে ধৰি ৰাজনৈতিক – অৰাজনৈতিক আদি দিশৰ বাবে উপেক্ষিত হৈ থকা তথা গুৱাহাটীৰ পৰা প্ৰায় ৫৫ কিলোমিটাৰ নিলগত থকা গাঁও কেইখনৰ বাসিন্দা সকল মূলতঃ কাৰ্বি আৰু তিৱা সম্প্ৰদায়ৰ যদিও তাত তেওঁলোক জাতিগত পৰিচয় মৰঙালী হিচাপে পৰিচিত হৈ আহিছে। বৃহত্তৰ মাৰঙা অঞ্চলৰ দহখনকৈ গাঁও হল ক্ৰমে – বৰগাং, নালাপাৰা , নঙা গাঁও, পুৰাণ গাঁও, লালুমপাম, জয় গাঁও, বৰকুছি, বৰখাত চাই, চাৰিকুছি আৰু আঠগাঁও । এই সন্দৰ্ভত অঞ্চলটোৰ বাসিন্দা সকলৰ উন্নয়নৰ হকে কাম কৰি অহা মাৰঙাৰ বাসিন্দা, অৱসৰপ্ৰাপ্ত অভিযন্তা মনীন ৰাজাই জানিবলৈ দিয়া মতে অসমৰ পৰা দূৰত থাকিলেও তেওঁলোকে নীৰৱে অসমীয়া সাহিত্য – সংস্কৃতিৰ চৰ্চা কৰি আহিছে। আনকি মহাপুৰুষ দুজনাৰ স্মৃতি যুগমীয়া কৰাৰ লক্ষ্যৰে শ্বিলঙৰ শংকৰ মিছনৰ অধীনত ১৯৬১ চনত প্ৰথমবাৰৰ বাবে নিৰ্মাণ কৰা হৈছিল এটা নামঘৰ। পৰৱৰ্তী ২০০৫ চনত তাত শংকৰ সংঘৰ উদ্যোগত শংকৰদেৱ প্ৰাথমিক শাখা এটা স্থাপন কৰি নামঘৰটো শাখাৰ অধীনলৈ অনা হয়। পৰৱৰ্তী সময়ত ৰাইজ আৰু শুভাকাংক্ষীৰ দান – বৰঙণিৰে নামঘৰটো পুনৰ নিৰ্মাণ কৰা হয়। প্ৰায় ১৫০ জন লোকে একেলগে বহি নাম – প্ৰসংগ কৰিব পৰা নামঘৰটোৰ মণিকূটটো পুৰণি হোৱা বাবে শেহতীয়াভাবে মণিকূটটোও ৰাইজ আৰু শুভাকাংক্ষীৰ দান – বৰঙণিৰে নতুনকৈ পুনৰ নিৰ্মাণ কৰা হয়।
২৮ জানুৱাৰীৰ দিনা বৃহত্তৰ মাৰঙা অঞ্চলৰ দহখন গাঁওৰ বহুসংখ্যক লোকৰ উপস্থিতিত নৱনিৰ্মিত মণিকূটটো উদ্ধোধন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত অঞ্চলটোৰ শতাধিক পুৰুষ – মহিলাই নাম – প্ৰসংগৰ উপৰিও শংকৰ সংঘৰ গুৱাহাটী মহানগৰ জিলাৰ আমন্ত্ৰিত অতিথি হিচাপে তাত অংশগ্ৰহণ কৰা কেবাজনো ভকত আৰু বাপে তাত ভাগৱত বাখ্যা কৰে। এই উপলক্ষে মাৰঙা নামঘৰ পৰিচালনা সমিতিৰ সভাপতি জয়মালা বিনং লংডোৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত সমিতিৰ উপদেষ্টা মনীন ৰাজা, সম্পাদক যোগেশ মাৰৱেট, ধন ভৰালী জিচন মাৰৱেটকে ধৰি কেবাজনো কৰ্মকৰ্তা উপস্থিত আছিল। উল্লেখ্য যে আমাৰ অসমৰ নামঘৰত মহিলা বা আয়তী সকলে প্ৰতি সপ্তাহৰ বৃহস্পতিবাৰে যেনেকৈ নাম ধৰে বা নাম – প্ৰসংগ পৰিৱেশন কৰি আহিছে, তাতো তেনেকৈ নাম – প্ৰসংগ পৰিৱেশন কৰা হয়। আনকি মহাপুৰুষ দুজনাৰ স্মৃতিত জন্ম – মৃত্যু তিথিৰ উপৰিও পৱিত্ৰ ভাদ মাহৰ এমহীয়া নাম – প্ৰসংগ কৰি অহা হৈছে।