আজিৰে পৰা ৬ বহাগলৈ চলিব আমাৰ হেঁপাহৰ ৰঙালী বিহুটি।
৩১ চ’তৰ পৰা ৬ বহাগলৈ অসমত উদযাপন হ’ব ৰঙালী বিহু। আজি গৰু বিহু।
পুৱাই ৰাজ্যত উলহ-মালহেৰে পালন কৰা হয় গৰু বিহুটি।
ৰঙালী বিহু উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে টুইটাৰযোগে অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে অসমীয়া ভাষাতে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটাৰযোগে শুভেচ্ছা জ্ঞাপন কৰি কয় যে,
Bohag Bihu greetings to everyone. pic.twitter.com/IUNmIXsee1
— Narendra Modi (@narendramodi) April 14, 2021
ইফালে গৃহমন্ত্ৰী অমিত শ্বাহে অসমবাসীক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি লিখে যে-
‘বহাগ বিহু উপলক্ষে অসমীয়া ভাতৃ-ভগ্নীসকলক মোৰ আন্তৰিক শুভেচ্ছা জনাইছো।
মা কামাখ্যাৰ আশীৰ্বাদে সকলোৰে জীৱন সুখ-শান্তি আৰু সমৃদ্ধিৰে উপচাই তোলক, তাৰেই কামনা কৰিলো।’
ব'হাগ বিহু উপলক্ষে অসমীয়া ভাতৃ-ভগ্নীসকলক মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। মা কামাখ্যাৰ আশীৰ্বাদে সকলোৰে জীৱন সুখ-শান্তি আৰু সমৃদ্ধিৰে উপচাই তোলক, তাৰেই কামনা কৰিলোঁ।
— Amit Shah (Modi Ka Parivar) (@AmitShah) April 14, 2021
লগতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও সমগ্ৰ ৰাজ্যবাসীক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ লিখিলে যে,
সকলোলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো । অসমীয়া নৱবৰ্ষৰ এই উৎসৱ আপোনাৰ জীৱনত কঢ়িয়াই আনক অনেক সুখ, আনন্দ আৰূ সুস্বাস্থ্য l
— Arvind Kejriwal (@ArvindKejriwal) April 14, 2021
Photo: Google