শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শিৱসাগৰৰ জেৰেঙা পথাৰত উপস্থিত হয়।
তাত তেওঁ ১ লাখতকৈ অধিক লোকক ভূমি আৱণ্টনৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে।
তেওঁ ‘ভাৰত মাতা কি জয়’ শ্ল’গানেৰে ভাষণ সম্বোধন কৰে।
তেওঁ ক’লে যে, “অসমৰ লোকসকলৰ প্ৰেম আৰু স্নেহে মোক বাৰে বাৰে অসমলৈ টানি লৈ আহে।
অসমৰ আত্মীয়তা মোৰ সৌভাগ্য হয়।
আজি আমাৰ চৰকাৰে আপোনালোকৰ জীৱনৰ ডাঙৰ চিন্তা দূৰ কৰিছে।
এই শুভক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসভা সম্বোধন কৰি কয় যে,
পূৰ্বৰ চৰকাৰে ভূমিহীন লোকসকলক ভূমি প্ৰদান কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাছিল।
কিন্তু বৰ্তমানৰ চৰকাৰে ডেৰ লাখ পৰিয়ালক ভূমি পট্টা প্ৰদান কৰিছে আৰু এতিয়া ১ লাখ পৰিয়াল অন্তৰ্ভুক্ত হৈছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’লে যে এতিয়া এই পৰিয়ালকেইটাও কৃষক সন্মান নিধিৰ লাভ উঠাব পাৰিব আৰু তেওঁলোকৰ একাউণ্টত প্ৰত্যক্ষভাৱে টকা স্থানান্তৰ হ’ব।
তেওঁ লগতে ক’লে যে অসমত যেতিয়া আমাৰ চৰকাৰ গঠন হৈছিল সেই সময়তো ইয়াত প্ৰায় ৬ লাখ মূল নিৱাসী পৰিয়াল যাৰ লগত ভূমিৰ কোনো আইনী কাগজ-পত্ৰ নাছিল।
কিন্তু সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত ইয়াৰ চৰকাৰে আপোনাৰ চিন্তা আঁতৰাবলৈ গুৰুত্বপূৰ্ণভাৱে কাম কৰে।
Photo: Google