পশ্চিমবংগত ৫খন জিলাৰ ৪৪ সমষ্টিৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ অব্যাহত।
ইফালে বংগৰ শিলিগুৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন জনসভা সম্বোধন কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে কোচবিহাৰৰ গুলীচালনাত দুখঃপ্ৰকাশ কৰে আৰু দোষীৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ শাস্তি বিহাৰ দাবী জনায়।
প্ৰধানমন্ত্ৰীগৰাকীয়ে ক’লে যে,”কোচবিহাৰত যি হৈছে, সেয়া যথেষ্ট দুখঃজনক।
যিসকল লোকৰ মৃত্যু ঘটিছে, মই তেওঁলোকৰ মৃত্যুত শোকপ্ৰকাশ কৰে।
মোৰ সমবেদনা তেওঁলোকৰ সৈতে আছে। বিজেপিৰ পক্ষত জনসমৰ্থন প্ৰত্যক্ষ কৰি দিদি আৰু তেওঁৰ গুণ্ডাৰ দলৰ ক্ষোভ এতিয়া নিয়ন্ত্ৰণহীন হৈ পৰিছে।
নিজৰ চকী হেৰুওৱা দেখি দিদি এই স্তৰলৈ নামি গৈছে।
দিদি আৰু TMCৰ ইচ্ছা বংগত চলিব দিয়া নহ’ব।
মোৰ নিৰ্বাচনী আয়োগক আহ্বান জনাইছো যে, কোচবিহাৰত যি ঘটনা সংঘটিত হৈছে, সেই কাণ্ড সংঘটিত কৰা দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা যাওক।
প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে ক’লে যে, “দিদি, এই হিংসা, ৰাইজে সুৰক্ষা কৰ্মীৰ ওপৰত আক্ৰমণ কৰিবলৈ উচতোৱা, নিৰ্বাচনী প্ৰক্ৰিয়াত বাধা প্ৰদান কৰাৰ দ্বাৰা আপুনি নিজকে বচাব নোৱাৰে।
আপোনাৰ ১০ বছৰৰ কূ-কৰ্মৰ পৰা এই হিংসাই আপোনাক ৰক্ষা কৰিব নোৱাৰে।
ইয়াৰ সন্তানসকলে সাহিত্যৰ পৰা সেনাই সকলোকে শক্তিশালী কৰিছে।
আজি তেওঁলোকৰ প্ৰেৰণাই বংগত আচল পৰিৱৰ্তনৰ ধ্বনিয়ে শিখৰ স্পৰ্শ কৰিছে।
‘দিদি..অ দিদি! বংগৰ লোক ইয়াতে থাকিব, যাব লাগিব আপুনিহে
নৰেন্দ্ৰ মোদী ইমানতেই ক্ষান্ত নাথাকিল। ধাৰাবাহিকভাৱে মমতা বেনাৰ্জীৰ বিৰুদ্ধে আক্ৰমণাত্মক মন্তব্য প্ৰদান কৰে।
মোদীয়ে ক’লে, দিদি..অ দিদি! বংগৰ লোক ইয়াতে থাকিব।
যদি যাবয়ে আছে তেন্তে আপুনি চৰকাৰৰ পৰা যাব লাগিব।
দিদি আপুনি বংগৰ লোকৰ ভাগ্যবিধাতা নহয়। বংগৰ লোক আপোনাৰ সম্পত্তি নহয়।
বংগৰ লোকে সিদ্ধান্ত গ্ৰহণ কৰিছে যে আপুনিয়ে যাব লাগিব। আপুনি অকলে নাযায়। আপোনাৰ সম্পূৰ্ণ দলক ইয়াৰ পৰা আঁতৰাব ৰাইজে।
Photo: Google