নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত নিৰ্বাচনী ৰণনীতি বিজেপিৰ। এইবাৰ অসমীয়াৰ স্বাভিমান ‘গামোচা’ৰ ৰণনীতি।
বিগত মাহত তিনিবাৰকৈ অসম ভ্ৰমণৰ বাবে আহি প্ৰতিটো ভাষণতে তেওঁ মন্তব্য প্ৰদান কৰিছিল যে, অসমীয়া লোকৰ মৰম আৰু চেনেহে মোক আকৰ্ষণ কৰে।
কিন্তু এইবাৰ অসম ভ্ৰমণ নহয়, নিৰ্বাচনৰ আগে আগে অসমলৈ প্ৰেম জাগিছে প্ৰধানমন্ত্ৰীগৰাকীৰ।
আজিকালি প্ৰায়ে নৰেন্দ্ৰ মোদীৰ ডিঙিত দেখা পোৱা যায় অসমৰ গামোচাখন।
সেয়া ভাষণতে হওক বা অন্য কাৰণতে হওক।
কেৱল সেয়াই নহয় নৰেন্দ্ৰ মোদীয়ে ক’ভিড ভেকচিন লোৱাৰ সময়তো ডিঙিত লৈছিল অসমীয়াৰ গামোচাখন।
ভাইৰেল হৈছিল তেওঁৰ ক’ভিড ভেকচিন লোৱাৰ ফটো।
ছচিয়েল মিডিয়াত তুচ্ছ-তাচ্ছিল্য কৰিছিল মোদীক। কাৰণ আগন্তুক বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব ৫খন ৰাজ্যত।
অসম, পশ্চিমবংগ, তামিলনাডু, পুডুচেৰী আৰু কেৰালাত।
আৰু ক’ভিড ভেকচিন লোৱাৰ সময়ত তেওঁৰ ডিঙিত আছিল অসমৰ গামোচা লগতে, তেওঁ ভেকচিন লোৱাৰ সময়ত তেওঁৰ লগত থকা নাৰ্ছ দুগৰাকী আছিল কেৰালা আৰু পুডুচেৰীৰ।
তেওঁৰ ফটোখন প্ৰত্যক্ষ কৰিয়েই জানিব পাৰি যে এয়া সম্পূৰ্ণভাৱে নিৰ্বাচনী ৰণনীতি।
এইবাৰ পুনৰ নিৰ্বাচনী ৰণনীতি প্ৰধানমন্ত্ৰীগৰাকীৰ। প্ৰায় দুহাজাৰ টকাৰ গামোচা কিনি টুইটাৰত কৰিলে শ্বেয়াৰ।
You have seen me wear the Gamusa very often. It is extremely comfortable. Today, I bought a Gamusa made by various self-help groups of Kakatipapung Development Block. #NariShakti https://t.co/jvHk5YFJof pic.twitter.com/8exa9oli8Z
— Narendra Modi (@narendramodi) March 8, 2021
আৰু তেওঁ লিখিলে- ‘আজিকালি আপোনালোকে মোক প্ৰায়েই গামোচা পৰিধান কৰি থকা দেখা পায়। গামোচাখন যথেষ্ট আৰামদায়ক। আজি মই কাকতিপুং উন্নয়ন ব্লকৰ পৰা আত্মসহায়ক গোটে প্ৰস্তুত কৰা এখন গামোছা ক্ৰয় কৰিলো।”
আনহাতে সামাজিক মাধ্যমত মোদীৰ ডিঙিত থকা গামোছাখনে ব্যাপক চৰ্চা লাভ কৰিছে।
আৰু এই টুইটত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়েও ধন্যবাদ সূচক বাণীৰে কৰিলে টুইট।
We are so very happy Adarniya Pradhan Mantri ji for your constant love for the vibrant Assamese #Gamusa. Your act of generosity – in buying a Gamusa made by SHGs of Kakatipapung Development Block – is such a fine tribute to the #NariShakti and their skills. @narendramodi #IWD https://t.co/MT532AEK0x
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) March 8, 2021
এতিয়া দৃষ্টিগোচৰ কৰিবলগীয়া কথাটো হ’ল যে, নৰেন্দ্ৰ মোদীৰ এই প্ৰেম কিমান দিনীয়া?
নে নিৰ্বাচনৰ পিছত এই প্ৰেম অন্তৰ্ধান হ’ব।
কৃত্ৰিম প্ৰেমৰ আঁৰত এয়া নিৰ্বাচনী ৰণনীতি বুলিয়েই ভাবিবলৈ বাধ্য কৰাইছে নেকি?
Photo: Twitter