আজিৰে পৰা দেশত ক’ৰোনা ভেকচিনৰ দ্বিতীয় পৰ্যায় আৰম্ভ হৈছে।
এই ভেকচিনেচনৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে সোমবাৰে ভেকচিন ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
তেওঁ ভেকচিন লোৱাটো ঠিকে ল’লে কিন্তু ভেকচিন লোৱাৰ পিছত এতিয়া সৰ্বত্ৰে ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
তেওঁৰ এই ভেকচিন লোৱা প্ৰক্ৰিয়াটো বিভিন্নজনৰ মতে তেওঁৰ এয়া নিৰ্বাচনী ৰণনীতিহে।
তেওঁ ভেকচিন লোৱাৰ পিছত কংগ্ৰেছৰ ফালৰ পৰা তেওঁৰ বিৰুদ্ধে সমালোচনামূলক মন্তব্য প্ৰদান কৰি কৈছিল যে, তেওঁ এতিয়াহে কিয় ভেকচিন ল’লে, যিটো প্ৰথম পৰ্যায় আছিল সেই সময়ত তেওঁ কিয় আগবাঢ়ি অহা নাছিল।
লগতে তেওঁ কৈছিল যে যেতিয়া ভেকচিন সুৰক্ষিত বুলি জানিলে, তেতিয়াহে গৈ ল’লে।
প্ৰথমে আমি নহয় বৈজ্ঞানিকসকলৰ কমিটীয়ে প্ৰশ্ন উত্থাপন কৰিছিল।
তেতিয়া কিয় নল’লে প্ৰধানমন্ত্ৰী মোদীয়ে, এতিয়া লৈছে যেতিয়া স্বাগতম।”
এজনে ফেচবুকত নৰেন্দ্ৰ মোদীয়ে ভেকচিন লোৱাক লৈ কটাক্ষ কৰি ক’লে…
”ফটো এখন…
সংকেত কিন্তু অনেকক’ভিড ১৯ৰ ভেকচিন ল’বলৈ মোডী ডাঙৰীয়া যেতিয়া এইমছত উপস্থিত হৈছিলগৈ..
তেওঁৰ ডিঙিত অসমীয়াৰ আৱেগৰ ফুলাম গামোচাখন আছিল
মোডী ডাঙৰীয়াক ভেকচিন দিয়া নাৰ্ছগৰাকী পুডুচেৰীৰ
ভেকচিন দিয়া প্ৰক্ৰিয়াটো নিৰীক্ষণ কৰি থকা নাৰ্ছগৰাকী কেৰালাৰ
নিজেই বুজি ল’ব আৰু”
পঢ়িলেনে কি বুলি লিখিলে। আপোনালোকে নিশ্চয় বুজিছে লোকজনে কি লিখিব বিচাৰিছে।
দৰাচলতে আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে যিটো সময়ত ভেকচিন লৈ আছিল সেই সময়ত নৰেন্দ্ৰ মোদীৰ ডিঙিত আছিল অসমৰ গামোচা।
ভেকচিন দিয়া নাৰ্ছগৰাকী পুডুচেৰীৰ আৰু ভেকচিন দিয়া প্ৰক্ৰিয়াটো নিৰীক্ষণ কৰি থকা নাৰ্ছগৰাকী কেৰালাৰ।
বাকী থাকিল এখনহে ৰাজ্য, নাম ন’ললেও আপুনি নিশ্চয় বুজিব পাৰিছে কোনখন ৰাজ্যৰ কথা কৈছো।
আমি পশ্চিমবংগৰ কথা কৈছো।
আগন্তুক বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৫খন ৰাজ্য ক্ৰমে অসম, পশ্চিমবংগ, তামিলনাডু, পুডুচেৰী আৰু কেৰালা।
প্ৰত্যক্ষভাৱে নিৰ্বাচনী প্ৰচাৰ চলোৱা নাই যদিও পৰোক্ষভাৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই ফটোখনে সেইটোকে সূচাইছে।
অসমক ৰাখিলে, পুডুচেৰীকো ৰাখিলে, কেৰালাকো ৰাখিলে বাচী থাকিল পশ্চিমবংগহে। হাতত যদি ‘গীতাঞ্জলি’খন ল’লে হয়। গোটেইখিনি সম্পূৰ্ণই হ’লে হয়।
সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিতীয় পৰ্যায়ৰ ভেকচিন লোৱাটো ল’লেই কিন্তু তেওঁ ভেকচিন লোৱাৰ পিছৰে পৰা তেওঁক লৈ ৰাজনীতিত চলিছে ৰাজনৈতিক অংক।
এফালে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভেকচিন লোৱাটোও নিৰ্বাচনী অংক বুলি কৈছে আৰু আনহাতে, তেওঁ দ্বিতীয় পৰ্যায়ত ভেকচিন লোৱাৰ ক্ষেত্ৰটো বিৰোধীয়ে কটাক্ষ কৰিছে।
পশ্চিমবংগ কংগ্ৰেছৰ অধ্যক্ষ অধীৰ ৰঞ্জন চৌধুৰীয়ে কৈছিল যে, কিয় আমি অকল প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰে, স্বাস্থ্য মন্ত্ৰী আৰু এইমছৰ কৰ্তৃপক্ষৰ প্ৰশংসা কিয় নকৰো, যিসকলে প্ৰথমে লৈছে।’
এয়া ৰাজনৈতিক অংক নে অইন কিবা সময়তহে লক্ষনীয় হ’ব।
Photo: Google