কাইলৈ শিৱসাগৰৰ মহাসতী জয়মতীৰ স্মৃতি বিজড়িত জেৰেঙা পথাৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
প্ৰধানমন্ত্ৰীগৰাকীৰ আগমণৰ পূৰ্বে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে শিৱসাগৰত।
আজি বিশেষ নিৰাপত্তা গোটে ২১ জানুৱাৰীত চমজি লয় জেৰেঙা পথাৰ।
শ শ নিৰাপত্তাৰক্ষী নিশ্চিদ্ৰ পহৰাৰ ব্যৱস্থা কৰিছে জেৰেঙা পথাৰ।
শতাধিক উচ্চপদস্থ আৰক্ষী বিষয়া, নিৰাপত্তাৰক্ষী বিষয়া আৰু জোৱানে বাহৰ পাতিছে।
কোনোধৰণৰ কূটাঘাতমূলক কাৰ্য সংঘটিত নহ’বলৈ শিৱসাগৰ চহৰৰ পৰা আৰম্ভ কৰি জেৰেঙা পথাৰৰ লগতে নিকটৱৰ্তী এলেকাসমূহত যান-বাহনসমূহ নিৰাপত্তাৰক্ষীয়ে তন্ন তন্নকৈ চলাই আহিছে।
বিগত এটা পষেক ধৰি জেৰেঙা পথাৰ সাজু কৰি তুলিছে শিৱসাগৰ জিলা প্ৰশাসন আৰু ৰাজ্য প্ৰশাসনৰ তদাৰকত লোকনিৰ্মাণ বিভাগকে ধৰি আন কেইবাটাও বিভাগ।
জেৰেঙা পথাৰত সাজি উলিওৱা সভাস্থলীৰ সমীপতে নিৰ্মাণ কৰা হৈছে ৪খনকৈ হেলিপেড।
এই ৪খন হেলিপেডৰ এখনত প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱতৰণ কৰিব আৰু দ্বিতীয়-তৃতীয়খনত প্ৰধানমন্ত্ৰীৰ সুৰক্ষাত দায়িত্বত নিয়োজিত এছ পি জি বাহিনী থাকিব আৰু চতুৰ্থখন হেলিপেডত অৱতৰণ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা আৰু আইন-শৃখংলাজনিত পৰিস্থিতিৰ লক্ষ্যৰে জেৰেঙা পথাৰৰ সভাস্থলীত পুৱা ৯.৩০ বজাৰ পূৰ্বেই সভাত লোকসকল প্ৰৱেশ কৰিব লাগিব।
প্ৰধানমন্ত্ৰীগৰাকীৰ আগমণৰ আগমুহূৰ্তত ভাৰতৰ বিভিন্ন প্ৰান্তৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ছপা আৰু বৈদ্যুতিন সংবাদ মাধ্যমৰ শতাধিক সাংবাদিক আহি জেৰেঙা পথাৰত উপস্থিত হৈছে।
সাংসদ, মন্ত্ৰী আৰু বিধায়কসকলো আহি তাত উপস্থিত হৈছে।
এই ঐতিহাসিক পথাৰখনতে কাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে আৰম্ভ কৰিব ভূমিহীন খিলঞ্জীয়াক ভূমি পট্টা প্ৰদানৰ প্ৰক্ৰিয়া।
মুঠ ১.০৬ লাখ ভূমি পট্টা পৰ্যায়ক্ৰমে প্ৰদান কৰা হ’ব আৰু জেৰেঙা পথাৰৰ পৰা এই প্ৰক্ৰিয়া আৰম্ভ কৰিব।
Photo: Headline8