অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত উদ্যান শস্য গবেষণা কেন্দ্ৰত তিনিদিনীয়া কাৰ্য্যসূচীৰে সম্পন্ন হৈ যায় ৰাষ্ট্ৰীয় পুষ্প বিজ্ঞান কৰ্মশালা। ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অধীনৰ মহাৰাষ্ট্ৰৰ পুণেস্থিত সৰ্বভাৰতীয় সমন্বিত পুষ্প গৱেষণা প্ৰকল্পৰ উদ্যোগত আয়োজিত কৰ্মশালাত দেশৰ বিভিন্ন প্ৰান্তত থকা ২৩ টা পুষ্প গৱেষণা প্ৰকল্পৰ মুঠ ৮০ জন কৃষি বিজ্ঞানীয়ে ভাগ লৈছে। মূলত, কৰ্মশালাৰ জৰিয়তে দেশৰ পুষ্প বিজ্ঞান গৱেষণাক প্ৰয়োজন ভিত্তিক আৰু শৃংখলাবদ্ধ কৰি ফুল খেতিক দেশৰ কৃষক সকলে যাতে বাণিজ্যিকভাৱে গ্ৰহণ কৰাৰ লগতে আৰ্থিক অৱস্থা টনকিয়াল কৰিব পাৰে তাৰ ৰণনীতি প্ৰস্তুত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
আনহাতে দিনৰ ১১ বজাত উদ্যান শস্য গবেষণা কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰ্মশালাখন বন্তি প্ৰজ্বলৰে শুভাৰম্ভ কৰে পুণেৰ পুষ্প গৱেষণা প্ৰকল্পৰ সঞ্চালক ডঃ কে ভি প্ৰসাদে। এই উপলক্ষে ইফচিতা বৰাই আঁত ধৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ বিদ্যুৎ চন্দন ডেকাই এনে ধৰণৰ কৰ্মশালা অনুষ্ঠিত কৰি ফুলৰ খেতিৰ লগত জড়িত কৃষক সকলক উপকৃত কৰা বাবে আয়োজক সকলক ধন্যবাদ জ্ঞাপন কৰি কয় – আমি কৃষক আৰু কৃষি ক্ষেত্ৰৰ উন্নয়নৰ বাবে নতুন নতুন প্ৰযুক্তি উদ্ভাৱন কৰো । কিন্তু পৰৱৰ্তী সময়ত এই প্ৰযুক্তিৰ দ্বাৰা লাভবান হয় ব্যক্তিগত খণ্ডৰ উদ্যোগ বা বহুজাতিক কোম্পানী সমূহে। গতিকে এই প্ৰযুক্তিৰ পোনপটীয়া উপকাৰ যাতে কৃষক সকলে যাতে পাব পাৰে তাক নিশ্চিত কৰিব লাগিব। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ ৰাষ্ট্ৰীয় অৰ্কিড গবেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ডঃ শংকৰ প্ৰসাদ দাস আৰু নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ সহকাৰী সঞ্চালক প্ৰধান ডঃ সুধাকৰ পাণ্ডেই ভাষণ প্ৰসংগত কয় ফুলৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ এতিয়া বিশ্বৰ উন্নত দেশ সমূহত প্ৰচুৰ চাহিদা বৃদ্ধি পাইছে। তাৰ সুযোগ যাতে ফুল খেতিৰ লগত জড়িত আমাৰ সাধাৰণ কৃষক সকলে লব পাৰে তাৰ কাৰণে আমি সকলোৱে হাতে কামে নামি পৰিব লাগিব। অনুষ্ঠানত পুষ্প বিজ্ঞানৰ কেবাখনো কাৰিকৰী পুস্তিকা উন্মোচন কৰা হয়। তেনেদৰে দেশৰ বিভিন্ন প্ৰান্তৰ গৱেষণা প্ৰকল্পত ফুলৰ পৰা প্ৰাকৃতিক আৰু বৈজ্ঞানিক পদ্ধতিৰে উৎপাদিত বিস্কুট, ফাকু, চাহ, কুকিছ, কেককে ধৰি বিভিন্ন খাদ্য আৰু মানৱ দেহত ব্যৱহৃত সামগ্ৰী প্ৰদৰ্শন কৰা হয়। উদ্ধোধনী অনুষ্ঠানটোৰ শেষত শলাগৰ শৰাই আগবঢ়াই পুণেস্থিত পুষ্প গৱেষণা প্ৰকল্পৰ জেষ্ঠ্য বিজ্ঞানী ডঃ তাৰা নাথ সাহাই।
আনহাতে কৰ্মশালাৰ লগত সংগতি ৰাখি দুপৰীয়াৰ পৰা সন্ধিয়ালৈ কেবাখনো কাৰিকৰী আলোচনা সত্ৰ অনুষ্ঠিত হয়। আলোচনা সত্ৰত কৰ্মশালাত ভাগ লোৱা দেশৰ বিভিন্ন প্ৰান্তৰ কেবাজনো কৃষি বিজ্ঞানীয়ে ফুলৰ খেতিৰ ওপৰত কৰা গবেষণা পত্ৰ উপস্থাপন কৰে। আনহাতে ২৫ জানুৱাৰীত কৰ্মশালাৰ সামৰণিৰ দিনা কৃষি বিজ্ঞানী আৰু অসমৰ বিভিন্ন প্ৰান্তৰ ফুলৰ খেতিয়ক সকলৰ মাজত এক পোনপটীয়া মত – বিনিময় অনুষ্ঠান অনুষ্ঠিত হব।