• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

‘জ্ঞানলব্ধ গুণগত প্ৰকৃত শিক্ষাৰ দ্বাৰাহে সমাজত মানৱতাবাদ প্ৰতিষ্ঠা হয়’

নিউজ ডেস্ক by নিউজ ডেস্ক
October 31, 2022
in সংবাদ, অসম, ৰাষ্ট্ৰীয়
1 min read
0
‘জ্ঞানলব্ধ গুণগত প্ৰকৃত শিক্ষাৰ দ্বাৰাহে সমাজত মানৱতাবাদ প্ৰতিষ্ঠা হয়’
Share on FacebookShare on Twitter

কেৱল চৰকাৰী চাকৰি আৰু জীৱন জীৱিকাৰ বাবে শিক্ষা প্ৰদান তথা গ্ৰহণ কৰাটো অনুচিত। জ্ঞান আৰ্জনৰ বাবে শিক্ষা গ্ৰহণ কৰি দেশ তথা মানৱ সামাজৰ সামাজিক বাতাবৰণ সঠিক ৰূপত ৰাখি সুস্থ পৰিবেশ গঢ়া উচিত। জ্ঞানলব্ধ গুণগত প্ৰকৃত শিক্ষাৰ দ্বাৰাহে সমাজত মানৱতাবাদ প্ৰতিষ্ঠা হয় আৰু মানৱতাবাদী ধাৰাৰ দ্বাৰাহে শান্তি প্ৰতিষ্ঠা হ’ব। শান্তি হ’ল এখন দেশৰ প্ৰগতিৰ মূল আধাৰ। সেয়ে আমি হিংসা, অন্ধবিশ্বাস, মানৱ অধিকাৰ উলংঘন কৰা কাৰ্য্য ৰোধ তথা পৰিত্যাগ কৰি মানৱীয় দৃষ্টিকোন, মানৱ প্ৰেম আৰু যুক্তিবাদী মানসিকতাৰে সমাজক গঢ় দিব লাগিব। এই বক্তব্য অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ যুক্তিবাদী চিন্তাবিদ, অন্ধবিশ্বাস বিৰোধী নেতা, বিশিষ্ট মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ। আজি পঞ্জাৱৰ বিখ্যাত তৰ্কশীল চ’ছাইটিৰ দ্বাৰা আয়োজিত বার্নালা চহৰৰ অন্তৰ্গত তৰ্কশিল ভৱনত ফেডাৰেশ্বন অফ ইণ্ডিয়ান ৰেচন’লিষ্ট এছ’চিয়েছনৰ দ্বাদশ ৰাষ্ট্ৰীয় অধিবেশনৰ প্ৰথম দিনাৰ অনুষ্ঠানত ভাগলৈ বিশিষ্ট অতিথিৰ ভাষণত ডঃ শইকীয়াই উক্ত বক্তব্য আগবঢ়ায়।

বহুকেইটা অন্ধবিশ্বাস বিৰোধী তথা যুক্তিবাদী ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় সংগঠনৰ মূল সংগঠন ফেডাৰেশ্বন অফ ইণ্ডিয়ান ৰেষ্টন’লিষ্ট এছ’চিয়েছনৰ ৰাষ্ট্ৰীয় সভাপতি নৰেন্দ্ৰ নায়কৰ সভাপতিত্বত অনুষ্ঠিত উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট বিজ্ঞানী, পাঞ্জাৱী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছৰ ডঃ অৰ্ৱিন্দে। সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে ব্ৰিটেইনৰ হিওমেনিষ্ট ইন্টাৰনেচনেলৰ কাৰ্যবাহী সদস্য উত্তম নিৰুলাই। মুখ্য অতিথিৰ ভাষণত উপাচাৰ্য প্ৰফেছৰ, ডঃ অৰ্ৱিন্দে কয় যে বিজ্ঞান মানেই ন ন আবিষ্কাৰ আৰু নতুনত্ব। যুক্তিবাদী মনৰ মানুহেহে সমাজ পৰিবৰ্তন কৰিব পাৰে। তেওঁ বিজ্ঞান শিক্ষাৰ ওপৰত বিশেষ গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। দেশৰ বিভিন্ন ৰাজ্যৰ পৰা প্ৰায় পাঁচ শতাধিক যুক্তিবাদী কাৰ্যকৰ্তা তথা সমৰ্থকে অংশগ্ৰহণ কৰা উক্ত কার্যসূচীত ছিক্কিমকে ধৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ প্ৰতিনিধি হিচাপে বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰা অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা যুক্তিবাদী চিন্তাবিদ, বিশিষ্ট সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই পুনৰ উনুকিয়াই যে ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৫১এ (এইচ) এ ভাৰতীয়সকলক মৌলিক অধিকাৰ দিয়াৰ লগতে অন্ধবিশ্বাসৰ বিৰুদ্ধে মাত মাতিবৰ বাবে বিজ্ঞান শিক্ষাক অগ্ৰাধিকাৰ দিছে। যুক্তিৰে মানৱতাবাদী চিন্তাধাৰাৰে আগুৱাই কৰ্মৰ যোগেৰে শান্তি প্ৰতিষ্ঠাৰ বাবে অগ্ৰসৰ হবৰ বাবেও সংবিধানৰ এই অনুচ্ছেদে ভাৰতীয় সকলক অধিকাৰ আৰু নিজ কৰ্তব্য পালনৰ বাবে দায়িত্ব প্ৰদান কৰিছে। সেয়ে আমি ভাৰতীয় সংবিধান প্ৰদত্ত অধিকাৰক সু-প্ৰয়োগ কৰিব লাগে বুলি উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ডঃ দিব্যজ্যোতি শইকীয়াই মত পোষণ কৰে। উল্লেখযোগ্য যে ডঃ দিব্যজ্যোতি শইকীয়াই বিগত২৩ বছৰে বিভিন্ন সামাজিক কাম অব্যাহত ৰাখি অসমৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত ডাইনীকাণ্ড ৰোধ আৰু অন্ধবিশ্বাস নিয়ন্ত্ৰণ তথা ৰোধ কৰাৰ হকে এটা দশকতকৈ অধিককাল সংগ্ৰাম চলাই আহিছে। এনে মানৱীয় সংগ্ৰাম অব্যাহত ৰাখি অহা ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰবল দাবীতেই অসম চৰকাৰে ২০১৫ বৰ্ষত অসম বিধান সভাত ডাইনী কাণ্ড ৰোধ তথা অন্ধবিশ্বাস বিৰোধী আইনৰ বিধেয়ক গৃহীত কৰে।

Previous Post

আজি ৰাষ্ট্ৰীয় একতা দিৱসঃ গুৱাহাটীত ‘একতাৰ দৌৰ’ৰ আয়োজন

Next Post

কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ ‘ধঁপাতৰ ওপৰত কৰ আৰোপ’ শীৰ্ষক মেজমেল

Related Posts

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত
ৰাজনীতি

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত

June 10, 2023
কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী
ৰাষ্ট্ৰীয়

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী

June 10, 2023
Doordarshan Dialogue on the theme of “Resurgent North East” begins in Guwahati
উত্তৰ পূৰ্বাঞ্চল

Doordarshan Dialogue on the theme of “Resurgent North East” begins in Guwahati

June 10, 2023
সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত
সংবাদ

সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত

June 10, 2023
নামভৰ্তিকৰণ! অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিৰ্দেশনা
News

নামভৰ্তিকৰণ! অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিৰ্দেশনা

June 10, 2023
গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ
ক্ৰাইম

গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ

June 10, 2023
Next Post
কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ ‘ধঁপাতৰ ওপৰত কৰ আৰোপ’ শীৰ্ষক মেজমেল

কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ 'ধঁপাতৰ ওপৰত কৰ আৰোপ' শীৰ্ষক মেজমেল

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

আজিৰে পৰা গুৱাহাটীৰ চিটিবাছে যাত্ৰীসকলক দিব লাগিব E-Ticket

আজিৰে পৰা গুৱাহাটীৰ চিটিবাছে যাত্ৰীসকলক দিব লাগিব E-Ticket

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8